গুৱাহাটীত উপস্থিত ৰাজস্থান ৰয়েলছ দল, বিমানবন্দৰত ৰাজকীয় আদৰণি
বিমানবন্দৰৰ পৰা দুখন বিশেষ বাছেৰে দলটোক তাজ ভিভাণ্টালৈ লৈ আনে নিৰাপত্তাৰক্ষীয়ে৷ দলৰ মুখ্য প্ৰশিক্ষক কুমাৰ ছাংগাকাৰাসহ অন্য ছাপ’ৰ্ট ষ্টাফ তথা ক্ৰিকেটাৰসকল গুৱাহাটীত উপস্থিত হৈছে যদিও অধিনায়ক ৰিয়ান পৰাগ আজি অহা নাই ৷ আই পি এলৰ কেপ্টেইন মীটৰ অনুষ্ঠানত অংশ লোৱাৰ বাবে ৰিয়ান আজি দলৰ লগত আহিব নোৱাৰিলে৷ কাইলৈ নিশা গৃহভূমিত উপস্থিত হ’ব অসম সন্তান ৰিয়ান৷
উল্লেখ্য যে অসমক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা আই পি এলৰ উদ্বোধনী বৰ্ষৰ চেম্পিয়ন ৰাজস্থান ৰয়েলছে এইবাৰ সাতখন ঘৰুৱা মেচৰ হাইভল্টেজ তিনিখন খেল গুৱাহাটীত খেলিব৷ সেই অনুসৰি অহা ৩০ মাৰ্চত গুৱাহাটীত হ’ব লগা প্ৰথমখন মেচত ৰাজস্থান ৰয়েলছ পাঁচবাৰৰ চেম্পিয়ন চেন্নাই ছুপাৰ কিংছৰ মুখামুখি হ’ব৷ আনহাতে, অহা সাত এপ্ৰিলত এ চি এ ষ্টেডিয়ামৰ দ্বিতীয়খন মেচত ৰাজস্থান ৰয়েলছৰ প্ৰতিদ্বন্দ্বী হ’ব পাঁচবাৰৰ চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছ৷ ইফালে, বিগত আই পি এলৰ চেম্পিয়ন আৰ চি বিয়ে অহা ১০ এপ্ৰিলত গুৱাহাটীত হ’ব লগা তৃতীয় মেচখনত ৰাজস্থান ৰয়েলছৰ মুখামুখি হ’ব৷