অসমৰ সংগীত জগতৰ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ মৃত্যুক লৈ বহুল আলোচিত ঘটনাত বুধবাৰে ছিংগাপুৰ কৰ’নাৰ্ছ আদালতে চূড়ান্ত ৰায়দান আগবঢ়ালে। আদালতে স্পষ্টকৈ কয় যে এই মৃত্যু কোনো ষড়যন্ত্ৰমূলক হত্যাকাণ্ড নহয়, বৰং দুৰ্ঘটনাজনিত পানীত ডুব যোৱাৰ ফলত সংঘটিত হৈছে।
জানিব পৰা মতে, ছিংগাপুৰত এখন য়টত ফুৰিবলৈ গৈ ৰহস্যজনকভাৱে পানীত ডুবি মৃত্যু হৈছিল শিল্পীগৰাকীৰ। এই ঘটনাই অসমকে ধৰি সমগ্ৰ দেশতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছিল।
ছিংগাপুৰ কৰ’নাৰ্ছ আদালতে দিয়া ৰায় অনুসৰি—
- জুবিন গাৰ্গৰ মৃত্যু দুৰ্ঘটনাজনিত পানীত ডুব যোৱাৰ ফলত হৈছিল
- ঘটনাটোত কোনো ষড়যন্ত্ৰ বা হত্যাৰ প্ৰমাণ পোৱা নগ’ল
- সতীৰ্থসকলে ইচ্ছাকৃতভাৱে উদ্ধাৰ নকৰাৰো কোনো প্ৰমাণ নাই
২৫ মাৰ্চত নিজৰ তথ্য প্ৰদান কৰি ৰাজ্যিক ক’ৰনাৰ আদম নাখোদায়ে জনায় যে তেওঁৰ সন্মুখত থকা সকলো প্ৰমাণ বিশ্লেষণ কৰাৰ পিছত আৰক্ষী আৰু ক’ষ্ট গাৰ্ডৰ তদন্তৰ সৈতে মতানৈক্যৰ কোনো কাৰণ দেখা পোৱা নগ’ল।
ইফালে, Singapore General Hospitalৰ দ্বাৰা জাৰি কৰা মৃত্যুৰ প্ৰমাণ পত্ৰতো মৃত্যুৰ কাৰণ হিচাপে পানীত ডুব যোৱা বুলি উল্লেখ কৰা হৈছে।
আদালতে স্পষ্টকৈ জনায় যে ঘটনাস্থলীত উপস্থিত থকা কোনো লোকেই জুবিন গাৰ্গক জোৰপূৰ্বক পানীত ঠেলি দিয়া নাছিল। তদন্তত হত্যাৰ কোনো দিশ উন্মোচিত হোৱা নাই।
এই ৰায়দানৰ জৰিয়তে দীৰ্ঘদিন ধৰি চলি থকা বিভিন্ন সন্দেহ আৰু বিতৰ্কৰ অৱসান ঘটিল।
ডিজিটেল ডেস্ক, ২৫ মাৰ্চ