নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বোকাখাতত কংগ্ৰেছত মোক্ষম আঘাত

অনাগত নিৰ্বাচনৰ পূৰ্বে বোকাখাত বিধানসভা সমষ্টিত শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰিছে অসম গণ পৰিষদ দল। নামটেমেৰাত অনুষ্ঠিত মিত্ৰজোঁটৰ এক বিশাল মতবিনিময় অনুষ্ঠানত কংগ্ৰেছ দল ত্যাগ কৰি আনুষ্ঠানিকভাৱে অগপত যোগদান কৰে দুসুঁতিমুখ গাঁও পঞ্চায়তৰ ১নং ৱাৰ্ডৰ সদস্য ৰনোজ কামানে।

অগপৰ কেন্দ্ৰীয় সভাপতি তথা স্থানীয় বিধায়ক অতুল বৰাৰ উপস্থিতিত অনুষ্ঠিত এই অনুষ্ঠানত ৰনোজ কামানে তেওঁৰ কেইবাগৰাকীও সতীৰ্থৰ সৈতে কংগ্ৰেছ দল ত্যাগ কৰি আঞ্চলিকতাবাদৰ প্ৰতি আস্থা প্ৰকট কৰে। সভাপতি অতুল বৰাই যোগদানকাৰী সকলক দলীয় মাফলাৰেৰে উষ্ম আদৰণি জনায়।

  অগপত যোগদান কৰি ৱাৰ্ড সদস্য ৰনোজ কামানে সংবাদ মাধ্যমৰ আগত কয় যে, মিত্ৰজোঁট চৰকাৰৰ জনহিতকৰ আঁচনি আৰু বিশেষকৈ অতুল বৰাৰ বলিষ্ঠ নেতৃত্বত বোকাখাত সমষ্টিত যি উন্নয়নৰ জোৱাৰ উঠিছে, তাৰ প্ৰতি আকৃষ্ট হৈয়েই তেওঁ এই সিদ্ধান্ত গ্ৰহণ কৰিছে। অগপৰ নীতি-আদৰ্শক পাথেয় কৰি আগন্তুক দিনত ৰাইজৰ সেৱা কৰাৰ সংকল্প লয় কামান আৰু তেওঁৰ সতীৰ্থসকলে।

যোগদান অনুষ্ঠানত ভাষণ প্ৰদান কৰি সভাপতি অতুল বৰাই কয় যে, নতুন কৰ্মীসকলৰ অন্তৰ্ভুক্তিয়ে অগপ দলটোক তৃণমূল পৰ্যায়ত অধিক সবল আৰু গতিশীল কৰি তুলিব। তেওঁ কয়, “অগপ কেৱল এটা ৰাজনৈতিক দল নহয়, ই হ’ল জনসেৱাৰ এক মাধ্যম। আমি সকলোৱে ঐক্যবদ্ধভাৱে জনগণৰ স্বাৰ্থত কাম কৰি যাব লাগিব।”

​নামটেমেৰাৰ এই মতবিনিময় অনুষ্ঠানত মিত্ৰজোঁটৰ কেইবাজনো জ্যেষ্ঠ নেতা, প্ৰবীণ-নবীন অগপ কৰ্মী আৰু স্থানীয় ৰাইজ উপস্থিত থাকে। নিৰ্বাচনৰ প্ৰাকক্ষণত কংগ্ৰেছৰ এই খহনীয়া আৰু অগপৰ ভেটি শক্তিশালী হোৱাটোৱে সমষ্টিটোৰ ৰাজনীতিত বিশেষ তাৎপৰ্য বহন কৰিছে।

নিয়মীয়া বাৰ্তা, মহুৰামুখ, ২৫ মাৰ্চ

You might also like