নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

DB STOCKৰ স্বত্বাধিকাৰী দীপাংকৰ বৰ্মনৰ সম্পত্তি জব্দ

  • ED গুৱাহাটী শাখাই জব্দ কৰিলে DB STOCKৰ স্বত্বাধিকাৰী দীপাংকৰ বৰ্মনৰ সম্পত্তি
  • ঠগ প্ৰৱঞ্চনাৰে আহৰণ কৰা ১৩.৪১ কোটি টকাৰ স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তি জব্দ কৰে ED-এ।
  • DB STOCKৰ মাষ্টাৰমাইণ্ড দীপাংকৰ বৰ্মন আৰু আন কেইবাগৰাকীও সহযোগীৰ সম্পত্তি বাজেয়াপ্ত কৰে ED-এ।
  • ২০২১ বৰ্ষৰ পৰা ২০২৪ বৰ্ষলৈ DB STOCK নামেৰে ট্ৰেডিং কৰিছিল মহাপ্ৰৱঞ্চক দীপাংকৰ বৰ্মন এণ্ড কোম্পানীয়ে।
  • পাঁচটা পৃথক আঁচনিৰ দ্বাৰা হাজাৰ হাজাৰ লোকৰ পৰা সংগ্ৰহ কৰিছিল ধন।
  • সাপ্তাহিক ১.২৫%ৰ পৰা বছৰি ১২০%লৈ অতি উচ্চ লাভৰ প্ৰতিশ্ৰুতিৰে সংগ্ৰহ কৰিছিল ধনসমূহ।
  • দেশজুৰি প্ৰায় ১৫,৫০৭জন বিনিয়োগকাৰীৰ পৰা সংগ্ৰহ কৰিছিল ৪০০.১৪ কোটি টকা।
  • বিনিয়োগকাৰী হ্ৰাস হোৱাৰ অস্বস্তিত পৰিছিল মহাপ্ৰৱঞ্চক দীপাংকৰ বৰ্মন।
  • হাজাৰ হাজাৰ বিনিয়োগকাৰীক সময়মতে ওভতাব পৰা নাছিল মূলধন আৰু লাভাংশ।
  • যাৰ বাবে ২০২৪ বর্ষৰ ১৮ আগষ্টত পলায়ন কৰিছিল মূল অভিযুক্ত দীপাংকৰ বৰ্মন।
  • উচ্চ লাভৰ আশাত দিয়া ধন ওভতাই নাপাই শ শ ভুক্তভোগীয়ে পল্টনবজাৰ থানাত দাখিল কৰিছিল এজাহাৰ।
  • ২৮৮/২৪ত পল্টনবজাৰ থানাত DB STOCKৰ বিৰুদ্ধে ৰুজু হৈছিল গোচৰ।
  • পৰৱৰ্তী সময়ত অসম আৰক্ষীয়ে CBIৰ সহায়ত গ্ৰেপ্তাৰ কৰিছিল DB STOCKৰে জড়িত মূল অভিযুক্ত দীপাংকৰ বৰ্মনক।
  • গ্ৰেপ্তাৰ হৈছিল দীপাংকৰৰ পিতৃ মাতৃ আৰু প্রেয়সীও।
  • বৰ্তমানো কাৰাগাৰতে আছে মহাপ্ৰৱঞ্চক দীপাংকৰ বৰ্মন।
  • সম্প্ৰতি CBI য়ে গোচৰটো চলাই থকাৰ মাজতে ED-এ কৰিছিল তদন্ত।
  • ইতিমধ্যে ED-এ তদন্ত কৰি জব্দ কৰে ১৩.৪১ কোটিৰ সম্পত্তি।
  • ইয়াৰে ৮.৭১ কোটি টকাৰ স্থাৱৰ সম্পত্তি কৰে ED গুৱাহাটী শাখাই।
  • গুৱাহাটী, হায়দৰাবাদ আৰু বিশাখাপট্টনম মিলি ১৩টাকৈ স্থানত স্থাৱৰ মাটি-সম্পত্তি, ফ্লেট।
  • লগতে ৪.৭০ কোটি টকাৰ অস্থাৱৰ সম্পত্তি জব্দ কৰে ED-এ।
  • জব্দকৃত অস্থাৱৰত ২৭টা বেংক একাউণ্টত প্ৰায় ৪.০৪ কোটি টকা আৰু প্ৰায় ৬৬ লাখ টকাৰ মিউচুৱেল ফাণ্ড/ইকুইটি বিনিয়োগ।

ডিজিটেল ডেস্ক, ২৫ মাৰ্চ

You might also like