মৰিয়নি সমষ্টি কংগ্ৰেছ দলে মিত্ৰতাৰ নামত ৰাইজৰ দলক এৰি দিয়াত সৃষ্টি হোৱা বাদ বিবাদৰ আজি অৱসান ঘটিছে। সমষ্টিটোত এতিয়া কংগ্ৰেছ- অসম জাতীয় পৰিষদৰ সৈতে একেলগে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ’ব ৰাইজৰ দল।
আজি সমষ্টিটোৰ কলীয়াপানী আৰু পূৱ যোৰহাট ব্লক কংগ্ৰেছ লগতে মৰিয়নি নগৰ মণ্ডল কংগ্ৰেছৰ সৈতে ৰাইজৰ দলৰ দুখনকৈ গুৰুত্বপূৰ্ণ যৌথ সভা অনুষ্ঠিত হয়। সভাত অসম জাতীয় পৰিষদৰ মৰিয়নিৰ নেতৃত্বয়ো অংশগ্ৰহণ কৰে।
কলীয়াপানী ব্লক কংগ্ৰেছ কমিটিৰ কাৰ্য্যালয় আৰু নকছাৰিৰ দেবেৰাপাৰত পূৱ যোৰহাট ব্লক কংগ্ৰেছ আৰু অজাপৰ নেতৃত্বৰ সৈতে ৰাইজৰ দলৰ সভাপতি অখিল গগৈ আৰু মৰিয়নি সমষ্টিৰ বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী ড° জ্ঞানশ্ৰী বৰাৰ আলোচনা সম্পন্ন হয়।
এই আলোচনাত কংগ্ৰেছৰ দুয়োটা ব্লকৰ লগতে মৰিয়নি নগৰ মণ্ডল কংগ্ৰেছৰ নেতৃত্ব, আটাইকেইটা কোষৰ বিষয়ববীয়া উপস্থিত থাকে। সভাত বিৰোধী মিত্ৰজোঁটৰ প্ৰাৰ্থী ড° জ্ঞানশ্ৰী বৰাই সকলোৰে সহযোগ কামনা কৰি মৰিয়নীবাসী ৰাইজৰ উন্নয়নৰ বাবে জয়ী কৰাবলৈ আহ্বান জনায়।
আনহাতে, আলোচনাৰ অন্তত ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে সংবাদ মাধ্যমৰ আগত আলোচনা সফল হোৱা লগতে এতিয়াৰে পৰা বিৰোধী ঐক্যমঞ্চৰ আটাইকেইটা দলে একেলগে যুঁজ দিব বুলি জানিবলৈ দিয়ে।
অখিল গগৈয়ে কয়- মৰিয়নি সমষ্টিত কুৰ্মীৰাজৰ অৱসান ঘটাবলৈ ৰাইজৰ দলৰ লগত কংগ্ৰেছ, অসম জাতীয় পৰিষদ আদিয়ে সকলোৱে সমান মৰ্য্যদা, সমান অধিকাৰ, সমান সন্মানেৰে এটা দলৰ দৰে কাম কৰিম। ৰূপজ্যোতি কুৰ্মীক আক্ৰমণ কৰি কয়- উন্নয়নৰ নামৰ কেৱল নাটক কৰিলে ৰূপজ্যোতিয়ে। নিজে ২০ টা বছৰ আৰু মাতৃ প্ৰয়াত ৰূপম কুৰ্মীৰ ১৩ বছৰ সহ মুঠ ৩৩ বছৰ মৰিয়নি সমষ্টিৰ শাসন কৰাৰ পিছতো আজিলৈকে উন্নয়ন আনিব নোৱাৰিলে মৰিয়নি সমষ্টিৰ।
বিৰোধী বিধায়ক হৈও শিৱসাগৰ সমষ্টিলৈ দহটাৰ পৰা পোন্ধৰটো বিশেষ প্ৰকল্প আনিবলৈ সক্ষম হ’লো বুলি উল্লেখ কৰি অখিল গগৈয়ে কয়- ৰূপজ্যোতি কুৰ্মীয়ে ইমান বছৰে মৰিয়নিলৈ এটাও বিশেষ প্ৰকল্প আনিব নোৱাৰিলে। আনকি সমষ্টিবাসীক আজিলৈকে খোৱাপানীৰ সুবিধাকনো দিবলৈ সক্ষম নহ’ল। স্বাস্থ্যসেৱাৰ নামত সমষ্টিবাসী ৰাইজক ইমান দিনে ঠগি অহা হ’ল।
বিধায়কৰ প্ৰধান কাম আইন ৰচনা কৰা যদিও ৰূপজ্যোতি কুৰ্মীৰ আইন লিখিব পৰা যোগ্যতা নাই বুলিও কুৰ্মীক ৰাইজৰ দলৰ সভাপতিজনে কটাক্ষ কৰে।
ইফালে, মৰিয়নি সমষ্টিৰ ৰাইজৰ যোগাযোগৰ মেৰুদণ্ড স্বৰূপ ধোদৰ আলিৰ আজিলৈকে উন্নতি নোহোৱা কাৰ্য্যত আশ্চৰ্য প্ৰকাশ কৰি অখিল গগৈয়ে কয়- তোলনী বিয়া- শ্ৰাদ্ধ খাই ফুৰিলেই উন্নয়ন নহয়। বিগত ৩৫টা বছৰে ধোদৰ আলিৰ উন্নয়ন কৰিব নোৱাৰাতো কুৰ্মী পৰিয়ালৰ সবাতোকৈ ডাঙৰ ব্যৰ্থতা বুলিও অখিল গগৈয়ে মন্তব্য কৰে।
ৰূপজ্যোতি কুৰ্মীয়ে নিজকে চাহ শ্ৰমিকৰ সন্তান বুলি কোৱা প্ৰসংগত অখিল গগৈয়ে কয়- ৰূপজ্যোতি কুৰ্মী ভুৱা চাহ শ্ৰমিক। ৰূপজ্যোতিক কোনো দিনেই চাহ বাগিচাত কাম কৰা দেখা নাই, কোনো দিনেই পাত তোলা দেখা নাই। ৰূপজ্যোতিয়ে ৱাইন শ্বপৰ জৰিয়তে মদৰ খেতি কৰাহে দেখি আহিছোঁ।
নিজকে চাহ শ্ৰমিকৰ সন্তান বুলি কৈ ইমান দিনে চাহ শ্ৰমিকসকলৰ সহানুভূতি আদায় কৰি আহিলে বুলি মন্তব্য কৰে অখিল গগৈয়ে। এজন বিধায়কে মদৰ ব্যৱসায় কৰে জানো বুলি প্ৰশ্ন উত্থাপন কৰি অখিল গগৈয়ে কয়- খোৱাপানীৰ যোগান দিব নোৱাৰা ৰূপজ্যোতিয়ে মদৰ যোগান ঠিকেই কৰিছে। এই বিষয়বোৰ ক’লেই ৰূপজ্যোতি জাঙুৰ খাই উঠে আৰু ভাওনা দিবলৈ আৰম্ভ কৰে।
ৰূপজ্যোতি কুৰ্মীয়ে বিধান সভাতো ভাওনা কৰে বুলি কটাক্ষ কৰি অখিল গগৈয়ে কয়- বিধান সভাত ৰূপজ্যোতিৰ ভাওনা চাই ৰাইজৰ আমনি লাগিছে। গাঁৱৰ মানুহে ভাওনা কৰিয়েই থাকে। ৰূপজ্যোতিয়ে বেলেগে আৰু ভাওনা কৰিব নালাগে বুলি মন্তব্য কৰে।
ড° জ্ঞানশ্ৰী বৰা সম্প্ৰতি অসমৰ আটাইতকৈ উজ্জ্বলতম প্ৰাৰ্থী বুলি উল্লেখ কৰি অখিল গগৈয়ে কয়- ইমান দিনে সমষ্টিবাসীক একো দিব নোৱাৰা ৰূপজ্যোতি কুৰ্মীক হৰুৱাই বিৰোধী মিত্ৰজোঁটৰ প্ৰাৰ্থী ড° জ্ঞানশ্ৰী বৰাক জয়ী কৰাবলৈ সমষ্টিবাসী ৰাইজৰ প্ৰতি আহ্বান জনায়।
ইতিমধ্যে মৰিয়নি সমষ্টিবাসীয়ে এইবাৰ কুৰ্মীৰাজৰ অৱসান ঘটাবলৈ সাজু হৈছে বুলি উল্লেখ কৰি ড° জ্ঞানশ্ৰী বৰাৰ জয়লাভে মৰিয়নি সমষ্টিলৈ উন্নয়নৰ ধল বব বুলিও অখিল গগৈয়ে লগতে মন্তব্য কৰে।
নিয়মীয়া বাৰ্তা, ২৫ মাৰ্চ