আলোচনাৰ প্রস্তাৱ : সমাপ্তিৰ দিশে মধ্যপ্রাচ্যৰ যুদ্ধ
ডিজিটেল ডেস্ক, ২৬ মার্চ : ইৰানৰ বিৰুদ্ধে মার্কিন যুক্তৰাষ্ট্র আৰু ইজৰাইলে যুটীয়াভাৱে চলাই থকা যুদ্ধখনৰ পৰিসমাপ্তিৰ পূর্বচর্ত হিচাপে ইৰানক ১৫দফীয়া প্রস্তাৱ দিছে ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে৷ আমেৰিকা আৰু ইৰানৰ মাজত মধ্যস্থতাৰ চেষ্টা চলাইছে পাকিস্তানে৷ বিবদমান দুয়োখন ৰাষ্ট্রই এতিয়াও মুখামুখিকৈ বহা নাই৷ তৃতীয়পক্ষৰ মাধ্যমেৰে দুয়োপক্ষৰ বার্তা বিনিময় চলিছে৷ সেই তৃতীয়পক্ষ পাকিস্তান৷ আমেৰিকা আৰু ইৰানৰ মাজত বার্তা আদান–প্রদানৰ দূত হিচাপে কাম কৰিছে ইছলামাবাদে৷
আগন্তুক দিনত পাকিস্তানৰ মাটিতে দুয়োখন দেশকে মুখামুখিকৈ বহুৱাবলৈ বিচাৰিছে পাক প্রধানমন্ত্রী শ্বাহবাজ শ্বৰীফে৷ আপাততঃ দুয়োখন ৰাষ্ট্রই সন্মতি জনাইছে এই প্রস্তাৱত৷ শ্বাহবাজ শ্বৰীফে সামাজিক মাধ্যমত দিয়া প’ষ্টত লিখিছে– সংঘাত ৰোধ কৰিবলৈ বৈঠকৰ আয়োজন কৰাৰ বাবে সাজু ইছলামাবাদ৷ আমেৰিকা আৰু ইৰান ৰাজী হ’লে এই সংঘাত মোকাবিলাৰ বাবে বৈঠকৰ আয়োজন কৰিবলৈ বিচাৰে তেওঁলোকে৷ তেওঁৰ সেই প’ষ্টটোকে পুনৰ প’ষ্ট কৰে ট্রাম্পেও৷ সংবাদ মাধ্যমৰ বাতৰিত প্রকাশ পোৱা মতে, ট্রাম্প প্রশাসনে পাকিস্তানৰ জৰিয়তে ইৰানৰ ওচৰলৈ পঠিয়াইছে ১৫দফীয়া প্রস্তাৱ৷
আনহাতে, যুদ্ধ বন্ধ কৰাৰ বাবে আমেৰিকাক ওলোটা প্রস্তাৱ দিছে ইৰানে৷ ড’নাল্ড ট্রাম্পে এই প্রস্তাৱত স্পষ্ট কৰি দিয়ে যে ভৱিষ্যতে ইৰানে যাতে কোনোধৰণৰ পাৰমাণৱিক কার্যসূচী হাতত নলয় তাক নিশ্চিত কৰিব লাগিব৷ তদুপৰি ইৰানৰ ক্ষেপণাস্ত্র মজুত সীমিত কৰাৰ চর্তও দিছে আমেৰিকাই৷ তেনেদৰে হৰমুজ প্রণালী পুনৰ মুকলি কৰাৰো দাবী জনাইছে আমেৰিকাই৷ কিন্তু তাৰ বিপৰীতে ইৰানে দিয়া প্রস্তাৱত স্পষ্টকৈ উল্লেখ কৰা হৈছে যে তেওঁলোকে তেওঁলোকৰ ক্ষেপণাস্ত্র কার্যসূচীক লৈ কোনোধৰণৰ আপোচ কৰিবলৈ ৰাজী নহয়৷
ইৰানে প্রস্তাৱ দিছে যে হৰমুজ প্রণালী পৰিচালনাৰ বাবে নতুন কাঠামো তৈয়াৰ হওক আৰু সেইমর্মে জলপথটোৰে যাতায়াত কৰা সকলো জাহাজৰ পৰা শুল্ক আদায়ৰ সুযোগ দিব লাগিব ইৰানক৷ লগতে ইৰানে দাবী কৰে যে উপসাগৰীয় অঞ্চলত সিঁচৰতি হৈ থকা মার্কিন ঘাটিসমূহ বন্ধ কৰি দিব লাগিব৷ কেৱল এয়াই নহয়, এই আক্রমণত ইৰানৰ যি ক্ষতি হৈছে তাৰ ক্ষতিপূৰণ দিব লাগিব মার্কিন প্রশাসনে৷ সংঘাত যাতে পুনৰ আৰম্ভ নহয় তাক নিশ্চিত কৰাৰো দাবী জনাইছে ইৰানে৷ লগতে ইৰান সমর্থিত লেবাননৰ সংগঠন হিজবুল্লাৰ ওপৰত আক্রমণ বন্ধ কৰিব লাগিব ইজৰাইলে৷ এই বৈঠকৰ প্রতি আমেৰিকা আৰু ইৰানে সঁহাৰি জনাইছে যদিও বৈঠকৰ স্থল হিচাপে পাকিস্তানৰ উপৰি তুৰস্ককো বিকল্প হিচাপে ৰাখিছে তেহৰানে৷ এই প্রয়াস কিমানখিনি সফল হয় সময়তহে দেখিবলৈ পোৱা যাব৷