ডিজিটেল ডেস্ক, ২৬ মাৰ্চ : অন্ধ্ৰপ্ৰদেশৰ মাৰ্কাপুৰম জিলাত বৃহস্পতিবাৰে এক ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হয়। বাছ আৰু ডাম্পাৰৰ মাজত মুখামুখি সংঘৰ্ষ হয়। সংঘৰ্ষ হোৱাৰ লগে লগে বাছখনত জুই লাগি যায়। ফলত বাছখনত থকা ১৩জন যাত্ৰীৰ জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু হয়। এই দুৰ্ঘটনা ইমানেই ভয়াৱহ আছিল যে লগে লগে বাছখনত অগ্নিসংযোগ হয় আৰু বাছখন সম্পূৰ্ণৰূপে ছাই হৈ যায় ।
আৰক্ষীয়ে জনোৱা মতে, হৰিকৃষ্ণা ট্ৰেভেলছৰ বাছখন তেলেংগানাৰ নিৰ্মলৰ পৰা অন্ধ্ৰপ্ৰদেশৰ নেল্লোৰলৈ গৈ আছিল। দুৰ্ঘটনাটো পুৱা প্ৰায় ৬ বজাত সংঘটিত হয়। প্ৰায় তিনি ঘণ্টাৰ ভিতৰত জুই নিয়ন্ত্ৰণলৈ অনা হয়।
মাৰ্কাপুৰমৰ আৰক্ষী বিষয়াই কয় যে ডাম্পাৰ চালকসহ ২২জন আহত লোকক হাস্পতালত ভৰ্তি কৰোৱা হৈছে। বাছখনত মুঠ ৩৫জন যাত্ৰী আছিল। ঘটনাৰ সম্পূৰ্ণ তথ্য সংগ্ৰহ কৰাৰ চেষ্টা চলি আছে।
মুখ্যমন্ত্রী চন্দ্রবাবু নাইডুৱে এই ঘটনাত গভীৰ শোক প্রকাশ কৰে আৰু আহতসকলৰ চিকিৎসা সন্দর্ভত বিষয়াসকলৰ সৈতে বাৰ্তালাপত মিলিত হয় । দুৰ্ঘটনাটোৰ কাৰণ সন্দৰ্ভত পুংখানুপুংখ তদন্তৰ নিৰ্দেশ দিছে চৰকাৰে। আহতসকলক চিকিৎসা প্ৰদানৰ ক্ষেত্ৰত কোনোধৰণৰ ত্ৰুটি নাৰাখিবলৈও তেওঁ বিষয়াসকলক নিৰ্দেশ দিয়ে । সমগ্ৰ ঘটনা সন্দৰ্ভত বিতং প্ৰতিবেদন দাখিল কৰিবলৈ প্ৰশাসনক নিৰ্দেশ দিয়া হৈছে ।