নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাংলাদেশত পদ্মা নৈত বাগৰিল যাত্ৰীবাহী বাছ, ২৬জনৰ প্ৰাণহানি

ডিজিটেল ডেস্ক, ২৬ মাৰ্চ : বাংলাদেশৰ ৰাজবাৰী জিলাত সংঘটিত বাছ দুৰ্ঘটনাত ২৬জন যাত্ৰীৰ মৃত্যু হৈছে। ঘটনা অনুসৰি যাত্ৰীভৰ্তি বাছখন নৈৰ পাৰ হ’বলৈ দৌলতদিয়া ঘাটত এখন ডাঙৰ নাওত উঠাৰ সময়ত পদ্মা নৈত পৰি যায়। বাছখন ঢাকালৈ গৈ আছিল।

তথ্য অনুসৰি, ২৩টা মৃতদেহ বাছখনৰ ভিতৰৰ পৰা উদ্ধাৰ কৰা হৈছে, যাৰ ভিতৰত ১১গৰাকী মহিলা, ৭জন পুৰুষ আৰু ৫টি শিশু আছে। ইয়াৰ উপৰি ৮জনক জীৱন্তে উদ্ধাৰ কৰা হৈছিল, কিন্তু তাৰে ৩জনৰ পিছত হাস্পতালত মৃত্যু হয়।

বাছখনত প্ৰায় ৪০জন লোক আছিল। বাংলাদেশত বাছ আৰু অন্যান্য যান-বাহন নদী পাৰ কৰাবলৈ ডাঙৰ নাও ব্যৱহাৰ হয়। প্ৰধানমন্ত্ৰী তাৰিক ৰহমানে উদ্ধাৰ অভিযানৰ বিষয়ে তথ্য লয় আৰু তদন্তৰ নিৰ্দেশ দিয়ে।

মৃতসকলৰ ভিতৰত অধিকাংশৰ পৰিচয় উদ্ধাৰ কৰা হৈছে। ঘটনাৰ পিছত প্ৰশাসনে তদন্তৰ বাবে ৫জনীয়া এখন কমিটী গঠন কৰে। কমিটীখনক ৩ দিনৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।

 

You might also like