ৰাজ্যত নিৰ্বাচনী অধিসূচনা জাৰি হোৱাৰ লগে লগে সক্ৰিয় হৈ উঠিছে জিলা প্ৰশাসন। নিৰ্বাচনী আচৰণবিধি উলংঘা ৰোধ কৰিবলৈ গঠন কৰা ফ্লায়িং স্কোৱাডৰ দলে আজি মানকাচৰত এক অভিযান চলাই বৃহৎ পৰিমাণৰ নগদ ধন জব্দ কৰিবলৈ সক্ষম হয়।
আজি মানকাচৰৰ ঠাকুৰাণবাৰী এলেকাত ফ্লায়িং স্কোৱাডৰ দলে নিয়মীয়া তালাচী চলাই থকাৰ সময়তে এখন সন্দেহযুক্ত বাহনত তালাচী চলায়। উক্ত তালাচী কালত বাহনখনত থকা হামিদুল ইছলাম নামৰ এগৰাকী ব্যক্তিৰ পৰা নগদ এক লাখ টকা উদ্ধাৰ কৰা হয়। উদ্ধাৰ হোৱা উক্ত ধনখিনিৰ সপক্ষে ব্যক্তিগৰাকীয়ে কোনোধৰণৰ বৈধ নথি-পত্ৰ দেখুৱাবলৈ সক্ষম নোহোৱাত ফ্লায়িং স্কোৱাডৰ দলে তৎক্ষণাত ধনখিনি জব্দ কৰে।
উল্লেখ্য যে নিৰ্বাচনৰ সময়ত ক’লা ধনৰ পয়োভৰ তথা অবৈধ লেনদেন ৰোধ কৰিবলৈ ভাৰতীয় নিৰ্বাচন আয়োগে কঠোৰ নিয়ম আৰোপ কৰিছে। উপযুক্ত নথি-পত্ৰ অবিহনে কোনো ব্যক্তিয়েই নগদ ৫০,০০০ টকাতকৈ অধিক ধন লগত লৈ ফুৰিব নোৱাৰিব। যদিহে কোনো ব্যক্তিৰ ওচৰত ৫০ হাজাৰ টকাতকৈ অধিক ধন পোৱা যায় আৰু তাৰ সঠিক উৎস বা নথি-পত্ৰ নাথাকে, তেন্তে প্ৰশাসনে উক্ত ধন জব্দ কৰিবলৈ বাধ্য হ’ব।
প্ৰশাসনে এইক্ষেত্ৰত ৰাইজক সজাগ হ’বলৈ আৰু নিৰ্বাচনী বিধি মানি চলিবলৈ বিশেষভাৱে আহ্বান জনাইছে। বিশেষকৈ ব্যৱসায় বা জৰুৰী কামত ধন কঢ়িওৱা লোকসকলক লেনদেনৰ উপযুক্ত বেংক নথি বা প্ৰমাণ-পত্ৰ লগত ৰাখিবলৈ পৰামৰ্শ দিয়া হৈছে।
নিয়মীয়া বাৰ্তা, মানকাচৰ, ২৬ মাৰ্চ :