নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰথমবাৰৰ বাবে নিৰ্বাচনী যুঁজত নামিছে উত্তৰ অসমৰ কনিষ্ঠ প্ৰতিদ্বন্দ্বী ঋষিৰাজ

দুৱাৰডলিত অসম বিধান সভাৰ নিৰ্বাচন। নিৰ্বাচন লৈ মাজত মাথো কেইটামান দিনহে বাকী। মনোনয়ন দাখিল আৰু মনোনয়ন বৈধ ঘোষণা হোৱাৰ পিছত বিভিন্ন দল তথা নিৰ্দলীয় প্ৰাৰ্থী সকলৰ ব্যস্ততা তুংগত উঠিছে। ভোটাৰ ৰাইজৰ মাজত সোমাই পৰি প্ৰাৰ্থী সকলে সমৰ্থন লাভৰ প্ৰয়াস কৰিছে।

দিন নিশা একাকাৰ কৰি ভোটাৰ ৰাইজৰ মাজত ঘুৰিছে প্ৰাৰ্থী সকল। এনে সময়তে চৰ্চালৈ আহিছে এজন বিশেষ প্ৰাৰ্থীৰ নাম। তেও উত্তৰ অসমৰ প্ৰাৰ্থী সকলৰ ভিতৰত কনিষ্ঠ। আনৰ হৈ নিৰ্বাচনী যুজত নামিছে যদিও তেওঁ নিজে প্ৰথম বাৰৰ বাবে প্ৰাৰ্থী ৰূপে এইবাৰ নিৰ্বাচনী যুজত নামিছে।

তেওঁ হল লখিমপুৰৰ ৭৪নং ৰঙা নদী সমষ্টিৰ এনডিএ ৰ প্ৰাৰ্থী ঋষিৰাজ হাজৰিকা। ৰঙানদী সমষ্টিত তেওঁ এনডিএৰ প্ৰাৰ্থী। ইতিমধ্যে তেওঁ ভাৰতীয় জনতা পার্টিৰ উপ সভাপতি দৰ্শনা বেন, উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ বিজন মহাজনক কাষত লৈ মনোনয়ন দাখিল কৰে। মনোনয়ন পত্র বৈধ ঘোষণা হোৱাৰ পাছৰ পৰা তেওঁ দুগুণ উৎসাহেৰে নিৰ্বাচনী ক্ষেত্রখনত জপিয়াই পৰিছে।

ইতিমধ্যে তেওঁ যোৱা ভালে কেইবছৰৰ আগৰ পৰা অঞ্চলটোত জন হিতকৰ কাম কাম কৰি ৰাইজৰ মৰমৰ পাত্ৰ হবলৈ সক্ষম হৈছে। এইবাৰ তেওঁ নৱগঠিত সমষ্টিটোত নিৰ্বাচনী যুঁজত নামিছে। তেওঁ দলৰ হৈ বিগত সময়ত বিভিন্ন পৰিষদকে ধৰি বহু নিৰ্বাচনত নমাৰ অভিজ্ঞতা আছে।

কিন্তু নিজে কোনো দিন প্ৰতিদ্বন্দিতা কৰা নাছিল। জীৱনত তেওঁ এইবাৰ প্ৰাৰ্থী হিচাপে প্ৰথম খন নিৰ্বাচনী যুঁজত নামিছে। উত্তৰ অসমৰ প্ৰাৰ্থী সকলৰ ভিতৰত তেৱেঁই সৰ্ব কনিষ্ঠ। কনিষ্ঠ হলেও ৰাজনৈতিক চিন্তা চৰ্চাত পুৰঠ ঋষিৰাজ হাজৰিকা।

সেয়ে তেওঁৰ প্ৰতি সকলোৰে দৃষ্টি নিবদ্ধ আছে। উল্লেখ্য তেওঁৰ এই ৰাজনৈতিক যাত্রা পোনপটীয়া নহয়। এসময়ত সংবাদ ক্ষেত্রৰ সৈতে জৰিত আছিল ঋষিৰাজ হাজৰিকা। সংবাদ ক্ষেত্রৰে জৰিত হৈ জনমানসত এক সুকীয়া স্থান দখল কৰি পৰৱৰ্তী সময়ত বিভিন্ন জন স্বাৰ্থ জৰিত কাম কাম কৰি তেওঁ ৰাজনৈতিক ক্ষেত্রত ভৰি দিয়ে।

কনিষ্ঠ তথা কৰ্মতৎপৰ যুৱক হিচাপে তেওঁ ৰাজনৈতিক ক্ষেত্রত নেতৃত্বৰ আদৰ লাভ কৰে। অৱশেষত তেওঁৰ জনপ্রিয়তা দেখা পাই বিজেপি অগপৰ মিত্রজোঁটে ৰঙানদী সমষ্টিত এইবাৰ তেওঁক প্ৰাৰ্থিত্ব প্ৰদান কৰে। সমষ্টিটোত এক সুকীয়া তথা জনপ্রিয় ইমেজ গঢ় দিবলৈ সক্ষম হয়। সমষ্টিবাসীক “নেতা নহয় -বেটা” হিচাপে গ্ৰহণ কৰিবলৈ তেওঁ আহ্বান জনায়।

সেয়াই তেওঁৰ বাবে আশীর্বাদ স্বৰূপ হৈ উঠে। সমষ্টিৰ জ্যেষ্ঠ সকলে পুত্ৰবৎ জ্ঞান কৰি চেনেহ দিছে ঋষিৰাজক। ৰাইজৰ আশীর্বাদ শিৰত লৈ তেওঁ ধুমুহাৰ গতিৰে আগুৱাইছে নিৰ্বাচনী যুঁজত। দুচকুত তেওঁৰ সমষ্টি উন্নয়নৰ অযুত সপোন। কাইলৈ তেওঁৰ হৈ সমষ্টিটোত নিৰ্বাচনী প্ৰচাৰ চলাব ড০ হিমন্ত বিশ্ব শৰ্মাই। 

বিশেষ বাৰ্তা, লখিমপুৰ, ২৬ মাৰ্চ

You might also like