নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভূপেন বৰাৰ হৈ বিশাল নিৰ্বাচনী প্ৰচাৰ মুখ্যমন্ত্ৰীৰ

মিঞা বাংলাদেশীৰ সমর্থনত থিয় দিয়া কংগ্রেছক হুংকাৰ দি আজি নির্বাচনী সভাত বিৰোধী দলটোক উদ্দেশ্যি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ মন্তব্য– সংলাপ নতুনকৈ লিখক৷ মাথোঁ এখন যুঁজ নহয়, এইবাৰ যুঁজ ভয়ংকৰ হ’ব৷

আজি বিহপুৰীয়াত দলীয় প্রার্থী ভূপেন বৰাক কাষত লৈ মুখ্যমন্ত্রী ড০ শর্মাই ভাষণত কয়–মই কংগ্রেছ আৰু কংগ্রেছ দলৰ সভাপতি গৌৰৱ গগৈক ক’ব খোজোঁ আমাৰ অসমীয়াই বাংলাদেশীক কেতিয়াও স্বীকাৰ নকৰে৷ আমি বাংলাদেশীৰ লগত যুঁজিম আৰু জিকিম৷ কংগ্রেছে কৈ আহিছে এখন যুঁজ হ’ব বুলি৷

মই কংগ্রেছক ক’ব বিচাৰোঁ, এইবাৰ যুঁজ নহয়, ভয়ংকৰ যুঁজ হ’ব বাংলাদেশীৰ লগত৷ বাংলাদেশীক মই শান্তিৰে থাকিব নিদিওঁ৷ সেইকাৰণে কংগ্রেছক কৈছোঁ– তেওঁলোকে সংলাপ নতুনকৈ লিখক৷ এইবাৰ যুঁজ এখন নহয়, বাংলাদেশীৰ লগত ভয়ংকৰ যুঁজ হ’ব৷ উল্লেখ্য যে নামনি অসমত নির্বাচনী প্রচাৰৰ জোঁৱাৰ তুলি আজি উত্তৰ অসমত চাৰিটা সমষ্টিত মুখ্যমন্ত্রীয়ে আৰম্ভ কৰা প্রচাৰ অভিযানত দেখা গ’ল লক্ষাধিক ৰাইজ৷

জাতি–মাটি–ভেটিৰ শ্ল’গানৰ লগতে এইবাৰ মুখ্যমন্ত্রী ড০ শর্মাৰ নতুন শ্ল’গান হ’ল ৰুটী–মাটি আৰু বেটী৷ ৰুটী–মাটি– বেটী ৰক্ষাৰ বাবে ৰাইজৰ পৰা আশীর্বাদ বিচাৰিলে মুখ্যমন্ত্রীয়ে৷ তেওঁ কয়– অসমত এটা নতুন বাতাবৰণ সৃষ্টি কৰাই আছিল আমাৰ লক্ষ্য৷ যোৱা ৫টা বছৰত মই প্রচেষ্টা চলাইছিলোঁ যে বাংলাদেশী মিঞাসকলে যাতে অসমৰ ৰাইজৰ বুকুত কামোৰ মাৰিব নোৱাৰে, অসমখন যাতে সুৰক্ষিত হৈ থাকে৷

যোৱা ৫ বছৰত আমি ডেৰলাখতকৈ অধিক বিঘা ভূমি বাংলাদেশীৰ পৰা উচ্ছেদ কৰি তেওঁলোকক শিকাই দিলোঁ– আমাক যদি কোনোবাই ৰঙা চকু দেখুৱায়, আমিও ৰাজনৈতিকভাৱে বহি নাথাকোঁ৷ অসমীয়াৰ হাততো শক্তি আছে, তেওঁলোকৰ হাত–ভৰি ভাঙি দিবৰ বাবে৷ গৌৰৱ গগৈক তীব্র সমালোচনা কৰি মুখ্যমন্ত্রীয়ে কয়– মই কংগ্রেছক কৈছোঁ নতুন বৰ অসম আমি কৰিব নিদিওঁ৷

নতুন বৰ অসমত বাংলাদেশী থাকিব৷ আমাক নতুন বৰ অসম নালাগে৷ চাওলুং চ্যুকাফা আৰু শংকৰদেৱে নির্মাণ কৰা পুৰণি বৰসমখনহে আমাক লাগে৷ আনহাতে বিহপুৰীয়া সমষ্টিক বাৰ বৈষ্ণৱৰ জন্মভূমি, মহাপুৰুষ মাধৱদেৱ, অনিৰুদ্ধ দেৱৰ পৱিত্রত জন্মস্থান বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে নির্বাচনী সভাত কয়– মই আপোনালোকৰ পৰা আশীর্বাদ বিচাৰিম৷

আমি জাতি–মাটি–ভেটি, ৰুটী–মাটি–বেটী ৰক্ষাৰ বাবে যি সংগ্রামত নামি পৰিছোঁ, সেই সংগ্রামত যেন দুহাত মেলি আপোনালোকে আশীর্বাদ দিয়ে৷ বিহপুৰীয়া সমষ্টি কেৱল সমষ্টি নহয়, ই অসমীয়াৰ স্বাভিমান বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয়– আমি এনে এখন অসম নির্মাণ কৰিব বিচাৰিছোঁ, যিখন অসমত আমাৰ প্রতিগৰাকী অসমীয়া, ভাৰতীয় সনাতনী মানুহ নিৰাপদে থাকে৷ বিহপুৰীয়া সমষ্টিত মাধৱদেৱ কলাক্ষেত্র, মাধৱদেৱ বিশ্ববিদ্যালয় এনেদৰে নির্মাণ হৈ উঠিব বুলি আমি কল্পনা কৰা নাছিলোঁ৷

বিহপুৰীয়া সমষ্টিক সমজিলালৈ ৰূপান্তৰিত কৰা হ’ব বুলিও আশ্বাস দি মুখ্যমন্ত্রীয়ে কয়– ভূপেন বৰাৰ জয় পৰাজয়ৰ লগত মোৰ আৰু আপোনালোকৰ মৰমৰ সম্বন্ধ আছে৷ ভূপেন বৰা জয় কৰাৰ দায়িত্ব আপোনালোকক দিলোঁ৷

নিয়মীয়া বার্তা, নাৰায়ণপুৰ

You might also like