মধ্যপ্রাচ্যৰ সামৰিক সংঘাত : বিশ্বজুৰি বৃদ্ধি তেলৰ দাম, ভাৰত ব্যতিক্ৰম
পশ্চিম এছিয়াত চলি থকা যুদ্ধৰ ফলত বিশ্ব বজাৰত বৃদ্ধি পাইছে তেলৰ দাম৷ যাৰ পোনপটীয়া প্রভাৱ পৰিছে জনসাধাৰণৰ ওপৰত৷ ইতিমধ্যে ৰন্ধন গেছৰ দাম বৃদ্ধি কৰা হৈছে৷ গেছৰ সংকটো উপেক্ষা কৰিব পৰা বিধৰ নহয়৷
কিন্তু ভাৰতত এতিয়াও পেট্র’ল–ডিজেলৰ দামৰ ক্ষেত্রত কোনো বৃদ্ধি ঘটোৱা হোৱা নাই৷ তাৰ বিপৰীতে সাধাৰণ জনতাক স্বস্তি দিবলৈ শুল্ক কমোৱাৰ সিদ্ধান্ত লৈছে মোদী চৰকাৰে৷ কিন্তু বিশ্বৰ অন্যান্য দেশসমূহৰ পৰিস্থিতি তেনেই শোচনীয়৷ মধ্যপ্রাচ্যৰ যুদ্ধৰ প্রভাৱত কার্যতঃ সমগ্র বিশ্বৰ ইন্ধনৰ বজাৰত জুই জ্বলিছে৷
একাধিক আগশাৰীৰ দেশেও পেট্র’ল আৰু ডিজেলৰ দাম বহুখিনি বৃদ্ধি কৰিছে৷ ভাৰতৰ অধিকাংশ চুবুৰীয়া ৰাষ্ট্রৰ অৱস্থাও নাজল–নাথল৷ তথ্যত প্রকাশ পোৱা মতে যুদ্ধ আৰম্ভণিৰ পিছত আমেৰিকাতেই পেট্র’ল–ডিজেলৰ দাম বাঢ়িছে ৩০ শতাংশ৷
অষ্ট্রেলিয়াত এই বৃদ্ধিৰ পৰিমাণ সর্বোচ্চ৷ দেশখনত ইন্ধন তেলৰ দাম বাঢ়িছে ৪২ শতাংশ৷ ফ্রান্স–ইংলেণ্ডৰ দৰে আগশাৰীৰ দেশত ইন্ধন তেলৰ দাম বৃদ্ধি পাইছে যথাক্রমে ১৭ আৰু ১০ শতাংশ৷ বিশ্বৰ অন্যতম বৃহৎ অর্থনীতিৰ দেশ জার্মানীত এই দাম বৃদ্ধি প্রায় ১৭ শতাংশ৷
ভাৰতৰ চুবুৰীয়া ৰাষ্ট্রসমূহৰ ভিতৰত একমাত্র বাংলাদেশক বাদ দি সকলো দেশেই পেট্র’ল–ডিজেলৰ দাম বৃদ্ধি কৰিছে৷ শ্রীলংকাত বৃদ্ধি পাইছে প্রায় ৩৩ শতাংশ৷ চীনত বৃদ্ধি পাইছে প্রায় ২৪ শতাংশ৷ তেনেদৰে পাকিস্তানত ২৫ শতাংশ৷ তাৰ তুলনাত ভাৰতৰ বজাৰত এই প্রভাৱ তেনেই নগণ্য৷ ভাৰতে পোনপটীয়াকৈ ইৰানৰ পৰা তেল আমদানি নকৰিলেও নিজৰ চাহিদাৰ ৮৫ শতাংশৰো অধিক তেল বহিঃৰাষ্ট্রৰ পৰা ক্রয় কৰে৷
এই আমদানিৰ প্রায় ৫০ শতাংশ হৰমুজ প্রণালীৰে আহে৷ অন্যান্য দেশৰ বাবে ইৰানে হৰমুজ প্রণালী বন্ধ কৰি দিলেও ভাৰতৰ বাবে মুক্ত কৰি ৰাখিছে৷ ফলত এই সংকটৰ প্রভাৱ তেনেই নগণ্য ভাৰতত৷
বিশ্বব্যাপী ইন্ধন তেলৰ প্রায় ২০ শতাংশ বাণিজ্য এই পথেৰে হয়৷ কিন্তু কার্যতঃ ই বন্ধ হৈ পৰাত বিশ্ব বজাৰত অপৰিশোধিত তেলৰ দাম প্রতি বেৰেলত ১০০ মার্কিন ডলাৰ পাৰ হৈ গৈছে৷ তাৰেই প্রভাৱ পৰিছে ইন্ধনৰ বজাৰত৷
ডিজিটেল ডেস্ক, ২৮ মাৰ্চ