নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘ট্রাম্প প্রণালী’ হিচাপে নামকৰণ হৰমুজ প্রণালীৰ, যুদ্ধৰ মাজতে মার্কিন ৰাষ্ট্রপতিৰ কৌশলী মন্তব্য

ডিজিটেল ডেস্ক, ২৯ মার্চ : ইৰানৰ বিৰুদ্ধে যুদ্ধ আৰম্ভ কৰি আমেৰিকাৰ মূৰৰ কামোৰণি হৈ পৰিছে হৰমুজ প্রণালী৷ বিশ্বৰ তেল ধমনী হিচাপে পৰিচিত এই প্রণালীটো ইৰানে দীর্ঘদিন ধৰি বন্ধ কৰি ৰাখিছিল৷ পার্শ্বি উপসাগৰৰ এই বন্ধ পথ মুকলি কৰিবলৈ বিমোৰত পৰিছে ট্রাম্প প্রশাসন৷

এনে পৰিস্থিতিৰ মাজতে মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে হৰমুজ প্রণালীৰ নাম সলনি কৰি ‘ট্রাম্প প্রণালী’ বুলি ঘোষণা কৰিছে৷ তেওঁৰ এই কৌশলী মন্তব্যই স্বাভাৱিকতে বহু জল্পনা–কল্পনাৰ সৃষ্টি কৰিছে৷ প্রায় এমাহ ধৰি চলি থকা যুদ্ধৰ পিছত আমেৰিকাৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে ইৰানৰ বিৰুদ্ধে ১০দিনীয়া যুদ্ধবিৰতি ঘোষণাও কৰিছিল৷ মধ্যপ্রাচ্যত স্থায়ী শান্তি অনাৰ বাবে ১৫টা চর্তৰে আলোচনাৰ বার্তা প্রেৰণ কৰিছে যদিও আমেৰিকাৰ এই চর্তবোৰ নস্যাৎ কৰিছে ইৰানে৷ এনে বেমেজালিৰ মাজতে ৰাষ্ট্রপতি ট্রাম্পে শেহতীয়াকৈ ফ্ল’ৰিডাৰ মিয়ামিত অনুষ্ঠিত এক সন্মিলনত অংশগ্রহণ কৰি আগবঢ়োৱা ভাষণত ট্রাম্পে হৰমুজ প্রণালীক ‘ট্রাম্প প্রণালী’ বুলি উল্লেখ কৰে৷

তেওঁ অৱশ্যে ধেমেলীয়া সুৰত হৰমুজৰ সলনি ‘ট্রাম্প প্রণালী’ বুলি উল্লেখ কৰা বুলি শুধৰাই দিয়ে৷ কিন্তু ৰাজনৈতিক বিশ্লেষকসকলে ট্রাম্পৰ এই মন্তব্যক এক কৌশলী মন্তব্য বুলি ঠাৱৰ কৰিছে৷ তেওঁলোকে দাবী কৰে যে ট্রাম্পে ইয়াৰ জৰিয়তে আচলতে ইৰানক এক কৌশলগত বার্তা প্রদান কৰিছে৷ বার্তাটো হ’ল ইৰানৰ হাতৰ পৰা হৰমুজ প্রণালী সম্পূর্ণৰূপে মুক্ত কৰাৰ লগতে হৰমুজত আমেৰিকাৰ আধিপত্য বিস্তাৰ কৰা৷

আলোচনাৰ ওপৰত মুকলি কৰি ৰখা আমেৰিকাৰ পথ ইৰানে অনুসৰণ নকৰিলে আমেৰিকাই সর্বশক্তিৰে হৰমুজ দখলৰ চেষ্টা কৰিব৷ ইতিমধ্যে ইয়াৰ প্রস্তুতিও আৰম্ভ হৈছে৷ হৰমুজৰ সমীপত অৱস্থিত ইৰানৰ খার্গ দ্বীপ দখল কৰাৰ প্রস্তুতি চলাইছে আমেৰিকাই৷ এই দ্বীপটো ইৰানৰ অর্থনীতিৰ হূদপিণ্ড বুলি ক’ব পাৰি৷ ইৰানৰ সকলো তেলৰ ভাণ্ডাৰ আৰু সামৰিক ঘাটি অৱস্থিত খার্গ দ্বীপত৷ তদুপৰি ইৰানৰ খাৰুৱা তেল ৰপ্তানিৰ প্রায় ৯০ শতাংশ তেলো এই দ্বীপৰ মাজেৰেই পাৰ হৈ যায়৷ আমেৰিকাই এই দ্বীপটো দখল কৰিলে কেৱল হৰমুজ প্রণালীয়েই নহয়, সমগ্র ইৰানৰ অর্থনীতিও অচল হৈ পৰিব৷

উল্লেখ্য যে ২৮ ফেব্রুৱাৰীত আমেৰিকাই ইজৰাইলৰ সৈতে যুটীয়াভাৱে তেহৰানৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰি মিছাইলেৰে আক্রমণ আৰম্ভ কৰিছিল৷ বিগত এমাহে প্রতিপক্ষৰ যুঁজ শাম কটাৰ কোনো ইংগিত পোৱা নাই৷

You might also like