নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অখিল গগৈ এইবাৰ ধৰাশায়ী হ’ব, ৰাইজক দলৰ সভাপতিক তুলাধুনা অতুল বৰাৰ

ডিজিটেল ডেস্ক, ২৯ মাৰ্চ : ৰাইজৰ দলৰ সভাপতি তথা বিৰোধী ঐক্যমঞ্চৰ শিৱসাগৰৰ প্ৰাৰ্থী অখিল গগৈ বলিয়া হৈছে, উন্মাদ হৈছে ৷ স্বাভাৱিকতে হ’বই ৷- শিৱসাগৰ বিধায়ক অখিল গগৈক তুলাধুনা দিলে অগপৰ সভাপতি অতুল বৰাই।

বৰাই কয়-  নিৰ্বাচন আহিলে অখিল গগৈৰ লম্ফ-জম্ফ অলপ বেছি হয়েই ৷ যোৱা পাঁচ বছৰ বিধায়ক হৈ যি সোৱাদ পালে, সেই সোৱাদ এতিয়া অখিল গগৈয়ে এৰিব পৰা নাই ৷ এইবাৰ তেওঁৰ ভেটি উছন হ’ব, ধাৰাশায়ী হ’ব ৷ কাৰণ বাহিৰত থাকি ৰাজপথত আন্দোলন কৰি সেই সোৱাদ অখিল গগৈয়ে পোৱা নাছিল ৷ এবাৰ বিধায়ক হৈ যি সোৱাদ পালে, সেইবাবে আকৌ তেওঁক বিধায়ক হ’বলৈ লাগে ৷ কিন্তু শিৱসাগৰৰ ৰাইজে এইবাৰ ভুল নকৰে ৷ কাৰাগাৰত থকাৰ বাবেই শিৱসাগৰৰ ৰাইজে অনুকম্পা আৰু আৱেগিক হৈ কাৰাগাৰৰ পৰা অখিল গগৈক উলিয়াই আনিবৰ বাবেই তেওঁক এবাৰ ভোট দি জয়যুক্ত কৰিছিল ৷ কিন্তু শিৱসাগৰৰ ৰাইজে তেওঁৰ চৰিত্ৰ বুজি পাইছে৷ শিৱসাগৰৰ ৰাইজৰ মান-মৰ্যাদা আৰু স্বাভিমানক তেওঁ আঘাত কৰিছে ৷

বিধানসভাত কৰা বান্দৰামি আৰু অসভ্যালি দেখি সংস্কৃতিৱান শিৱসাগৰৰ ৰাইজে দুমুখীয়া নীতি পালন কৰা অখিল গগৈক এইবাৰ বিজয়ী কৰি নপঠিয়ায় ৷ তদুপৰি বিৰোধীক ধ্বংস আৰু নিঃশেষ কৰা মানুজনেই হ’ল অখিল গগৈ ৷- এই মন্তব্য অসম গণ পৰিষদৰ সভাপতি তথা বোকাখাত সমষ্টিৰ এনডিএ মিত্ৰজোঁটৰ প্ৰাৰ্থী অতুল বৰাৰ ৷

You might also like