ৰাজস্থান ৰয়েলছৰ বিক্রীয়ে প্রভাৱ পেলাব অসম ক্রিকেটত…
ডিজিটেল ডেস্ক, ৩০ মার্চ : ‘অসম ক্রিকেট সন্থাৰ তত্ত্বাৱধানত চলিত বর্ষৰ শেষৰফালে আৰু অহা বছৰৰ আৰম্ভণিতে ক্রমে টি–২০ আৰু টেষ্ট মেচ অনুষ্ঠিত হোৱাৰ খবৰে অনুৰাগীক উৎফুল্লিত কৰি তুলিছে৷ তদুপৰি, বর্ষাপাৰাত আয়োজন কৰা হৈছে ৩খনকৈ আইপিএলৰ মেচ৷ ইয়াৰ বাবে সকলো কৃতিত্ব নিশ্চিতভাৱে বিচিচিআইৰ সচিব তথা অসম সন্তান দেৱজিত শইকীয়াৰ৷’– এই মন্তব্য অসম ক্রিকেট সন্থাৰ প্রাক্তন সম্পাদক বিকাশ বৰুৱাৰ৷ তদুপৰি, গুৱাহাটীক নিজৰ ভ্যেনু হিচাপে গ্রহণ কৰি অসম ক্রিকেটক সমৃদ্ধ কৰাৰ বাবে তেওঁ ৰাজস্থান ৰয়েলছক ধন্যবাদ জনায়৷
অৱশ্যে শেহতীয়াভাৱে ৰাজস্থান ৰয়েলছৰ স্বত্ব ১৫ হাজাৰ কোটি টকাত বিক্রী হোৱা বুলি প্রকাশিত বাতৰিত উদ্বেগ প্রকাশ কৰি বৰুৱাই কয় যে সেয়া হ’লে অসমত আইপিএলৰ মেচ অনুষ্ঠিত হোৱাৰ ক্ষেত্রত অনিশ্চয়তাই দেখা দিব৷ কাৰণ, বিক্রী হ’লে দলটোৰ গৰাকী সলনি হ’ব আৰু তেতিয়া অসমৰ ক্রিকেটৰ স্বার্থ বিঘ্নিত হ’ব৷ পৰৱর্তী বছৰত ৰাজস্থান ৰয়েলছৰ নতুন মেনেজমেণ্টে অসমত খেল অনুষ্ঠিত নকৰিবও পাৰে৷ ৰাজ্যৰ ক্রিকেট অনুৰাগীৰ মাজত সৃষ্টি হোৱা এনে উদ্বিগ্নতাৰ পৰা উদ্ধাৰ কৰিব পাৰে কেৱল ব’ৰ্ডৰ সচিব দেৱজিত শইকীয়াই৷
এই প্রসংগত বৰুৱাই কয় যে ইতিমধ্যে শইকীয়াই ব’ৰ্ডৰ সচিব হিচাপে নিজৰ দক্ষতা প্রতিপন্ন কৰিবলৈ সক্ষম হৈছে৷ তেওঁ এইক্ষেত্রতো দৃঢ় পদক্ষেপ গ্রহণ কৰিলে নিশ্চয় ৰাজস্থান ৰয়েলছে অসমত খেল অনুষ্ঠিত কৰিবলৈ বাধ্য হ’ব৷ এইক্ষেত্রত অসম তথা উত্তৰ–পূর্বাঞ্চলৰ অনুৰাগীয়ে দেৱজিত শইকীয়াই মুকলিভাৱে পদক্ষেপ গ্রহণ কৰাটো বিচাৰিছে৷ আনহাতে, অহা বছৰ ভাৰত আৰু অষ্ট্রেলিয়াৰ মাজত অনুষ্ঠিত হ’বলগীয়া টেষ্ট মেচখনো দেৱজিত শইকীয়াৰ আন এক কৃতিত্ব বুলি অভিহিত কৰিছে বিকাশ বৰুৱাই৷