নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গহপুৰ কংগ্ৰেছৰ দুই মহিলা নেত্ৰীৰ বিজেপিত যোগদান

বিশেষ বাৰ্তা, গহপুৰ, ৩০ মাৰ্চ : নিৰ্বাচনলৈ মাজত মাথোঁ কেইটামান দিন থকা অৱস্থাত গহপুৰ কংগ্ৰেছৰ দুগৰাকী মহিলা নেত্ৰীয়ে কালি সন্ধিয়া বিজেপি দলত যোগদান কৰে। গহপুৰ বিধানসভাৰ দুবাৰৰ বিধায়ক তথা আসন্ন বিধানসভা নিৰ্বাচনৰ বিজেপি দলৰ প্ৰাৰ্থী উৎপল বৰাৰ জৰিয়তে আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰে তেওঁলোকে। সমষ্টিটোৰ গমিৰী নিবাসী তথা বিশ্বনাথ জিলা মহিলা কংগ্ৰেছৰ সম্পাদিকা চম্পা দেৱী আৰু গমিৰী মণ্ডল কংগ্ৰেছৰ উপ-সভানেত্ৰী সীতা দেৱীয়ে যোগদান কৰে বিজেপিত। নেত্ৰী দুগৰাকীক বিজেপি দললৈ আদৰণি জনায় উৎপল বৰাই।
You might also like