ডিজিটেল ডেস্ক, ভূৰাগাঁও, ৩০ মাৰ্চ : ৫৩নং লাহৰীঘাট সমষ্টিত কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্বপ্ৰত্যাশীসহ সহস্ৰাধিক কৰ্মীয়ে দলত্যাগ কৰে। লাহৰীঘাট সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থিত্বপ্ৰত্যাশী তথা ৰাজ্যিক সংখ্যালঘু কোষৰ সাধাৰণ সম্পাদক ডাঃ ফৰিদুল হুছেইনে যোৱানিশা পদত্যাগ কৰে।
ডাঃ হুছেইনৰ লগতে মৰিগাঁও জিলা কংগ্ৰেছৰ উপ-সভাপতি আজিজুৰ ৰহমান, লাহৰীঘাট ব্লক কংগ্ৰেছৰ সম্পাদক আতাউৰ ৰহমান, মৰিগাঁও জিলা কংগ্ৰেছৰ সেৱা দলৰ সাধাৰণ সম্পাদক ইক্ৰামুল হুছেইনে কংগ্ৰেছ দলৰ সকলো বিষয়বাবৰ লগতে প্ৰাথমিক সদস্যৰ পৰা পদত্যাগ কৰে। ইয়াৰ লগতে ডাঃ ফৰিদুল হুছেইনৰ শ শ সমৰ্থকে কংগ্ৰেছৰ পৰা পদত্যাগ কৰে। লাহৰীঘাটৰ পৰা পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ পৰিত্ৰাণ বিচাৰি কংগ্ৰেছৰ পৰা পদত্যাগ কৰে।
পদত্যাগ কৰাৰ পিছত কংগ্ৰেছ কৰ্মীসকলে কংগ্ৰেছ প্ৰাৰ্থী ডাঃ আছিফ মহম্মদ নাজাৰ আৰু গৌৰৱ গগৈ মুৰ্দাবাদ ধ্বনি দি পৰিৱেশ উত্তাল কৰি তোলে। শ শ কংগ্ৰেছীৰ দলত্যাগত নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থী ডাঃ আছিফ মহম্মদ নাজাৰ শ’লঠেকত পৰাৰ সম্ভাৱনা আছে।