নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাতৰিকাকত বিলাবলৈ যোৱা হকাৰক প্ৰহাৰ আৰক্ষীৰ

নিয়মীয়া বাৰ্তা, ৭ এপ্ৰিলঃ লকডাউনৰ সময়ত পুনৰ এজন হকাৰ আৰক্ষীৰ হাতত নিগৃহীত হ’ব লগা হয় । লকডাউনৰ সময়ত সংবাদকৰ্মী তথা ইয়াৰ লগত জড়িত লোকৰ লগতে অত্যাৱশ্যকীয় সেৱাক ৰেহাই দিয়াৰ ব্যৱস্থা আছে । কিন্তু মুছলপুৰত আৰক্ষীয়ে বাতৰি কাকতৰ হকাৰ এজনক প্ৰহাৰ কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে । জানিব পৰা মতে, বাক্সা জিলাৰ মুছলপুৰৰ বাতৰিকাকতৰ হকাৰ বীৰেন দাসে প্ৰতিনিয়তৰ দৰে সোমবাৰে পুৱাই বৰমাৰ এন এন বৰ্মন এজেন্সীৰ পৰা নিজ অঞ্চলত বাতৰিকাকত বিলোৱাৰ বাবে লৈ যায় । তেওঁ মুছলপুৰৰ ভাৰতীয় ষ্টেট বেংকৰ সন্মুখ পোৱা মাত্ৰকে টহলদাৰী আৰক্ষীয়ে লাঠীৰে কোবাই কোবাই ঘূৰাই পঠিয়ায় । তেওঁক বাতৰিকাকত বিলোৱা লোক বুলি জনাৰ পাছতো আৰক্ষীয়ে প্ৰহাৰ কৰাত স্থানীয় ৰাইজে আশ্চৰ্য প্ৰকাশ কৰিছে । আনহাতে, কিছুদিন পূৰ্বে জিলাখনৰ বৰবাৰীতো ৰামকৃষ্ণ বৰ্মন নামৰ এজন হকাৰক আৰক্ষীয়ে প্ৰহাৰ কৰিছিল । চৰকাৰে জৰুৰীকালীন সেৱা আৰু অত্যাৱশ্যকীয় সামগ্ৰীক ৰেহাই দিয়াৰ পাচতো এজন সংবাদ মাধ্যমৰ লগত জড়িত লোকক আৰক্ষীয়ে প্ৰহাৰ কৰা কাৰ্যক সকলোৱে গৰিহণা দিছে । আগন্তুক সময়ছোৱাত যাতে কোনো আৰক্ষীয়ে সংবাদকৰ্মী বা ইয়াৰ লগত জড়িত লোকক হাৰাশাস্তি নকৰে , তাৰ বাবে স্থানীয় ৰাইজে আৰক্ষীক অনুৰোধ জনাইছে ।

You might also like