নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনাৰ উৎপত্তিস্থলত উভতিছে ক্ৰীড়াৰ পৰিৱেশঃ অনুশীলনলৈ উভতিল চীনৰ ফুটবলাৰ

নিয়মীয়া বাৰ্তা, ৭ এপ্ৰিলঃ মহামাৰী ক’ৰোনা ভাইৰাছৰ প্ৰাদুৰ্ভাৱৰ বাবে সমগ্ৰ বিশ্বৰ ক্ৰীড়াক্ষেত্ৰ স্থবিৰ হৈ থাকিলেও এই ভাইৰাছৰ উৎপত্তিস্থল চীনলৈ উভতিছে ক্ৰীড়াৰ পৰিৱেশ । মাৰাত্মক ভাইৰেছৰ আতংকই বিশ্বৰ প্ৰায় ২০০ খন দেশত বিভীষিকা সৃষ্টি কৰাৰ সময়তে চীনৰ ফুটবলাৰসকলে মঙলবাৰৰ পৰা নিজ নিজ ক্লাবৰ অনুশীলনত যোগ দিয়ে । চীনৰ পুৰুষ ফুটবল দলৰ এক ছ’চিয়েল মিডিয়া প’ষ্টত এই কথা প্ৰকাশ পাইছে ।

উল্লেখ্য যে চীনৰ অন্যতম জনপ্ৰিয় ফুটবল লীগ চাইনিজ ছুপাৰ লীগ যোৱা দুমাহ ধৰি স্থগিত হৈ আছে । ৰাষ্ট্ৰীয় দলৰ খেলুৱৈসকলক নিজ নিজ ক্লাবত অনুশীলনৰ বাবে উভতি যোৱাৰ নিৰ্দেশ দিয়াৰ পিছত চাইনিজ ছুপাৰ লীগ পুনৰ আৰম্ভ হোৱাৰ ইংগিত পোৱা গৈছে ।

You might also like