নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চুক্তি অবিহনে দুসপ্তাহতে ইৰানত ‘কাম শেষ’ কৰিব আমেৰিকাই, কিহৰ ইংগিত দিলে ৰাষ্ট্রপতি ট্রাম্পে

ডিজিটেল ডেস্ক, ২ এপ্রিল : ইৰানত শীঘ্রে মার্কিন বাহিনীৰ তেওঁলোকৰ অভিযান শেষ কৰিব৷ এই কথা জনালে আমেৰিকাৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে৷ কিমান দিনৰ ভিতৰত অভিযান শেষ হ’ব পাৰে তাৰো ইংগিত দিলে ৰাষ্ট্রপতিগৰাকীয়ে৷

তেওঁৰ মতে, বৰ বেছি দুসপ্তাহ৷ ট্রাম্পে এই ধাৰণা কৰে যে ইয়াৰ মাজতে ইৰান সম্পূর্ণৰূপে বিধ্বস্ত হৈ পৰিব৷ ২৮ ফেব্রুৱাৰীত যুদ্ধ আৰম্ভ হোৱাৰ পিছৰে পৰাই সমগ্র বিশ্বতে সৃষ্টি হৈছে ইন্ধনৰ সংকট৷ বাদ পৰা নাই আমেৰিকাও৷ এই সংকটক লৈ হোৱাইট হাউছত পোনপটীয়াকৈ নহ’লেও আওপকীয়াকৈয়ে বহুতে মার্কিন ৰাষ্ট্রপতিগৰাকীক যুদ্ধৰ কাৰণে হোৱা আমেৰিকাৰ ক্ষতি সম্পর্কে অৱগত কৰায়৷ অনুষ্ঠানত প্রশ্ণ কৰা হৈছিল ট্রাম্পক৷ সেই প্রশ্ণৰ উত্তৰত ট্রাম্পে কয়- ‘আমি শীঘ্রেই ইৰান এৰিব লাগিব৷ সেয়া আমি শীঘ্রেই কৰিম৷ তেওঁঁলোক (ইৰান) শেষ হৈ যাব৷’ তাৰ পিছত তেওঁ পুনৰ কয়- ‘আমি কাম শেষ কৰিছোঁ৷ আমাৰ ধাৰণা যে দুসপ্তাহ বা তাতকৈ দুই–এদিন সময় বেছিকৈ লাগিব পাৰে৷’

ট্রাম্পে এইটোও স্পষ্ট কৰি দিয়ে যে মার্কিন অভিযান কেতিয়া বন্ধ হ’ব বা এই পৰিণতি কেতিয়াও ইৰানৰ কোনো চুক্তিৰ ওপৰত নির্ভৰশীল নহয়৷ ট্রাম্পৰ ভাষাত- ‘যেতিয়া আমাৰ ধাৰণা হ’ব যে আমি তেওঁলোকক দীর্ঘকালৰ বাবে প্রস্তৰ যুগলৈ ঠেলি দিছোঁ, তেওঁলোকে আৰু পাৰমাণৱিক অস্ত্র নির্মাণ কৰিব নোৱাৰিব, তেতিয়াই আমি ইৰান ত্যাগ কৰিম৷’

ট্রাম্পে বুজাই দিয়ে যে ইৰানে কোনো চুক্তি কৰকেই বা নকৰকেই, আমেৰিকাই নিজৰ লক্ষ্য স্থিৰ কৰি লৈছে৷ কিছুদিন পূর্বে বিভিন্ন মার্কিন যুক্তৰাষ্ট্ৰই দাবী কৰিছিল যে এই সংঘর্ষ আৰু বেছিদিনলৈ চলাই থাকিবলৈ বিচৰা নাই ট্রাম্পে৷ ইৰানৰ সৈতে শীঘ্রে এখন চুক্তিত উপনীত হ’বলৈ বিচাৰিছে তেওঁ৷ ট্রাম্পৰ সাম্প্রতিক কোনো কোনো বক্তব্য আৰু হুমকিতো সেই ইংগিত পোৱা গৈছে৷ মঙলবাৰে মার্কিন প্রতিৰক্ষা সচিব তথা পেণ্টাগনৰ প্রধান পিট হেগচেথেও একেই সুৰত বুজাই দিছিল যে শীঘ্রে যুদ্ধ সমাপ্ত হ’ব৷

You might also like