ডিজিটেল ডেস্ক, ২ এপ্ৰিল : নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে সিমানেই আকৰ্ষণীয় হৈছে মানকাচৰৰ নিৰ্বাচনী প্ৰচাৰ। মানকাচৰৰ অগপ প্ৰাৰ্থী জাভেদ ইছলামলৈ বিপুল সঁহাৰি জনোৱা পৰিলক্ষিত হৈছে।
মানকাচৰৰ কানাইমাৰাত যোৱানিশা অগপ প্ৰাৰ্থী জাভেদ ইছলামৰ এখন নিৰ্বাচনী সভা অনুষ্ঠিত হয়। সভাখনত এআইইউডিএফ-কংগ্ৰেছৰ বহু কৰ্মী-সমৰ্থকে অগপত যোগদান কৰে। উল্লেখ্য যে দিনে-নিশাই মানকাচৰৰ প্ৰাৰ্থীসকলে সমষ্টিৰ চুকে-কোণে নিৰ্বাচনী সভা অনুষ্ঠিত কৰি নিৰ্বাচনী বতৰ গৰম কৰি তুলিছে ।
প্ৰতিদিনেই অগপৰ প্ৰাৰ্থী জাভেদ ইছলামে নিৰ্বাচনী সভা অনুষ্ঠিত কৰি অহাৰ দৰে যোৱানিশাও ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী কানাইমাৰাত নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত কৰে। সভাত ৰাইজে বিপুল সঁহাৰি জনায়। তদুপৰি এআইইউডিএফ-কংগ্ৰেছৰ বহু কৰ্মী-সমৰ্থকে জাভেদ ইছলামক সমৰ্থন জনাই অগপ দলত যোগদান কৰে। ইপিনে, জাভেদ ইছলামে ৰাইজৰ সঁহাৰিত অভিভূত হয় আৰু সভাত জাভেদ ইছলামে কংগ্ৰেছ-এআইডিইউএফক ক্ষুৰধাৰ সমালোচনা কৰে।