ক্রমাগত তৃতীয়বাৰলৈ ফিফা বিশ্বকাপলৈ যোগ্যতা অর্জনত ব্যর্থ ইটালী
ডিজিটেল ডেস্ক, ২ এপ্রিল : ফুটবল বিশ্বত আন এক অঘটন ৷ ক্রমাগত তৃতীয়বাৰৰ বাবে ফিফা বিশ্বকাপলৈ যোগ্যতা অর্জনত ব্যর্থ হ’ল ইটালী৷ অহা ১১ জুনৰ পৰা আমেৰিকা, মেক্সিকো আৰু কানাডাত অনুষ্ঠিত হ’বলগীয়া ফিফা বিশ্বকাপ ফুটবলত দেখা পোৱা নাযাব চাৰিবাৰৰ চেম্পিয়ন ইটালীক৷
মন কৰিবলগীয়া যে ২০১৮ আৰু ২০২২ চনৰ ফিফা বিশ্বকাপ ফুটবললৈও যোগ্যতা অর্জন কৰাত ব্যর্থ হৈছিল ইটালী দলটো৷ ২০১৪ চনত অন্তিমবাৰৰ বাবে বিশ্বকাপত খেলা ইটালীয়ে মঙলবাৰে নিশা অনুষ্ঠিত প্লে’ অফৰ কঠিন যুঁজৰ মেচখনত বছনিয়া আৰু হার্জেগভিনাৰ হাতত টাইব্রেকাৰত ৪–১ গ’লত পৰাজয় স্বীকাৰ কৰে আৰু ইয়াৰ লগে লগে ফিফা বিশ্বকাপ ফুটবলত খেলাৰ স্বপ্ণ ধূলিসাৎ হয়৷ প্রথমৰ পৰাই আক্রমণ–প্রত্যাক্রমণেৰে ভৰা খেলখন নির্ধাৰিত সময়ত ১–১ গ’লত অমীমাংসিত হৈছিল৷ খেলখনৰ ১৫ মিনিটত গ’ল স্ক’ৰ কৰি ইটালীয়ে গুৰুত্বপূর্ণ অগ্রগতি লাভ কৰিছিল৷ ইটালীৰ হৈ গ’লটো স্ক’ৰ কৰে মইছে কীনে৷ অৱশ্যে খেল শেষ হ’বলৈ ১১ মিনিট বাকী থকা অৱস্থাত ইটালীৰ শিবিৰত মোক্ষম আঘাত হানে বছনিয়া আৰু হার্জেগভিনাই৷ ৭৯ মিনিটত দলটোৰ হৈ গ’ল স্ক’ৰ কৰে হেৰিছ টাবাক’ভিচে৷
পৰৱর্তী সময়ত ইটালীয়ে গ’ল স্ক’ৰ কৰাৰ বাবে আপ্রাণ চেষ্টা চলাইছিল যদিও শেষ মুহূর্তলৈকে সফলতাৰ মুখ নেদেখিলে৷ নির্ধাৰিত সময়ত খেলখন ১–১ গ’লত অমীমাংসিত হোৱাত অতিৰিক্ত সময় খেলোৱা হয় যদিও অতিৰিক্ত সময়ত দুয়োটা দলে গ’ল স্ক’ৰ কৰিবলৈ সক্ষম নহ’ল আৰু পেনাল্টীৰ জৰিয়তে মেচখনৰ ফলাফল নির্ণয় হয়৷
মন কৰিবলগীয়া যে খেলৰ ৪২ মিনিটৰ পৰা ইটালীয়ে ১০জন খেলুৱৈৰে খেলিবলগীয়া হয়৷ ইপিনে, ইটালীৰ অনুৰাগীয়ে এই পৰাজয়ক মানি ল’ব পৰা নাছিল৷ মিলানকে ধৰি দেশৰ বিভিন্ন চহৰত আৰম্ভ হয় ক্ষোভৰ উদ্গীৰণ৷ অগ্ণিকাণ্ডও সংঘটিত হয়৷ মেচখন চাবলৈ দেশৰ বিভিন্ন চহৰত সমৱেত হৈছিল হাজাৰ হাজাৰ অনুৰাগী৷ কিন্তু অনুৰাগীৰ আশাত ইটালীয়ে চেঁচাপানী ঢালে আৰু ইয়াৰ লগে লগে আৰম্ভ হয় প্রতিবাদ৷ বহু ঠাইত অনুৰাগীয়ে বয়–বস্তু ভাঙি লণ্ডভণ্ড কৰাৰ পিছত পৰিস্থিতি বেয়াৰ পিনে ঢাল খোৱাত পৰিস্থিতি নিয়ন্ত্রণৰ বাবে আৰক্ষী মোতায়েন কৰা হয়৷ অনুৰাগীসকলে মুকলিকৈ ফুটবলাৰ আৰু সহায়ক–কর্মচাৰীসকলৰ ওপৰত ক্ষোভ প্রকাশ কৰে৷ তেওঁলোকে অভিযোগ কৰে যে ইটালীৰ ফুটবলৰ সংস্কৃতিৰ পতন ঘটিছে৷ ইয়াক সলনি কৰাৰ প্রয়োজন আহি পৰিছে৷ অন্যথা ইটালী ক্রমান্বয়ে ফুটবলৰ পৰা নিশ্চিহ্ণ হৈ যাব৷