ডিজিটেল ডেস্ক, জোনাই, ২ এপ্ৰিল : জোনাই লাইমেকুৰী ২নং মিৰি টাক গাঁৱত বিষাক্ত বনৰীয়া কাঠফুলা খাই একেটা পৰিয়ালৰ দুজন লোকৰ মৃত্যু হয়। সংকটজনক অৱস্থাত ডিব্ৰুগড় অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে এজন।
ঘটনাৰ বিৱৰণী মতে, ২৫ মাৰ্চ দিনাৰ ঘৰৰ এজন বৃদ্ধই নিজৰ বাঁহনি বাৰীৰ পৰা বনৰীয়া কাঠফুলা বুটলি আনে। বুটলি অনা বনৰীয়া কাঠফুলা পৰিয়ালৰ ১০গৰাকী লোকে ৰান্ধি খায়। খোৱাৰ পিছতে লাহে লাহে এজন এজনকৈ বমি আৰু শৌচ হ’বলৈ ধৰে। প্ৰথমতে স্বাভাৱিক বুলি ভাবি লয় যদিও পিছলৈ বেছি হোৱাত ওচৰৰ ফাৰ্মাচীত চিকিৎসা কৰে। ইয়াৰ চন্দ্ৰাৱতী কুলি টায়ে (৫০) আৰু বিকাশ টায়েক (১৫) প্ৰথমে জোনাই অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও সংকটজনক হোৱাত ডিব্ৰুগড় অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
চিকিৎসাধীন অৱস্থাত যোৱা ৩০ মাৰ্চত চন্দ্ৰাৱতী কুলি টায়েৰ মৃত্যু হয় আৰু ১ এপ্ৰিলত বিকাশ টায়ে (১৫)ৰ মৃত্যু হয়। বুধবাৰে পুনৰ জয়া টায়ে (৩৫) নামৰ এগৰাকী মহিলাক সংকটজনক অৱস্থাত ডিব্ৰুগড় অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে । বৰ্তমান চিকিৎসাধীন হৈ আছে মহিলাগৰাকী।
আনহাতে, বৰ্তমান জয়ন্তী বৰি (৩০), মণি বৰি (১২), নিহা বৰি (৮), নয়ন টায়ে (৬), নৱকুমাৰ টায়ে (৫৫), মল্লিকা টায়ে (২৪), পূৰ্ণিমা কুলি (১৮) সুস্থ অৱস্থাত আছে। ইফালে, বিষাক্ত কাঠফুলা খাই প্ৰথমে ঘৰৰ পোহনীয়া কুকুৰটোৰ মৃত্যু হোৱা বুলি জানিবলৈ দিয়ে পৰিয়ালৰ লোকসকলে।