নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিৱসাগৰৰ হাঁহচৰাত বিজেপি প্ৰাৰ্থী কুশল দুৱৰীৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ

ডিজিটেল ডেস্ক, শিৱসাগৰ, ২ এপ্ৰিল : শিৱসাগৰ সমষ্টিৰ বিভিন্ন অঞ্চলত জোৰদাৰ প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে বিজেপি প্ৰাৰ্থী কুশল দুৱৰীয়ে। বুধবাৰে হাঁহচৰাৰ দুয়োখন পঞ্চায়তৰ চাৰিখন সভাত অংশ লয় বিজেপিৰ প্ৰাৰ্থী কুশল দুৱৰীয়ে৷ প্ৰথমে চেৰেকাপাৰ পঞ্চায়তৰ হাতীমুৰীয়া গাঁও পেট্ৰল পাম্পৰ সন্মুখত, বিয়লি সিংহদুৱাৰ প্ৰেক্ষাগৃহত, পৰৱৰ্তী হাঁহচৰা পঞ্চায়তৰ মৰাণ গাঁও প্ৰেক্ষাগৃহত আৰু সন্ধিয়া লংকাকৰ গিৰীন্দ্ৰ নাথ প্ৰেক্ষাগৃহত৷

ভালেসংখ্যক ভোটাৰ ৰাইজ, দলীয় কাৰ্যকৰ্তা উপস্থিত থকা সভাত কুশল দুৱৰীয়ে ভোটাৰ ৰাইজক উদ্দেশ্যি ভাষণ প্ৰদান কৰে ৷ দুৱৰীয়ে সংবাদ মাধ্যমৰ আগত কয় যে শিৱসাগৰ সমষ্টিত ৰাইজে বিপুল সঁহাৰি জনাইছে আৰু খুব উৎসাহেৰে তেওঁলোক ওলাই আহিছে ৷ গতিকে নিশ্চিতভাবে শিৱসাগৰ সমষ্টিত ভাৰতীয় জনতা পাৰ্টীয়ে শেষ হাঁহি মাৰিব ৷ এইটো আমি নিশ্চিত হৈছোঁ বুলি উল্লেখ কৰে ৷ দুৱৰীয়ে অখিল গগৈক কটাক্ষ কৰি কয় যে আগতে ৰাইজৰ দল বুলি কোনো দল নাই ৷ অখিল গগৈয়ে ৰাইজৰ দল বুলি কৈ ৰাইজক ঠগিলে ৷ অখিল গগৈক একছত্ৰী সম্ৰাট আখ্যা দি নিৰ্দলীয় মানুহ বুলি মন্তব্য কৰে ৷

অখিল গগৈ যোৱাবাৰ জয়ী হোৱা সন্দৰ্ভত বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে কয় যে মাকে আহি কান্দিলে, পুতেকে কাকুতি-মিনতি কৰিলে আৰু জে’লৰ পৰা উলিয়াই দিব লাগে বুলি ভোট বিচাৰিলে ৷ সেই কাৰণে শিৱসাগৰৰ মৰমিয়াল ৰাইজে চকুপানী দেখি ভোট দিলে আৰু অখিল গগৈ জয়ী হ’ল বুলি কয় ৷ শিৱসাগৰ সমষ্টিৰ কাৰণে বিধানসভাত এটাও প্ৰশ্ন কৰা দেখা নাপালোঁ বুলি কোৱাৰ লগতে অখিল গগৈয়ে এতিয়া কংগ্ৰেছৰ বোকোচাত উঠিব বিচাৰিছে বুলিও উল্লেখ কৰে ৷ ইয়াত কোনো তিনিকোণীয়া প্ৰতিদ্বন্দ্বিতা নহয় বুলি উল্লেখ কৰাৰ সমান্তৰালভাৱে শিৱসাগৰ সমষ্টিৰ ৰাইজে ভাৰতীয় জনতা পাৰ্টীকে ভোট দিব বুলি মন্তব্য কৰে।

You might also like