অসমৰ সাম্প্ৰতিক সময়ৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত কেইটামান গুৰুত্বপূৰ্ণ বিষয় পুনৰ আগবাঢ়ি আহিছে। দেশ-বিভাজনৰ পাছত নামনি অসমৰ পৰা মধ্য অসম হৈ উজনিলৈকে ৰাজ্যখনৰ জনগাঁথনিত এক লক্ষণীয় পৰিৱৰ্তন পৰিলক্ষিত হৈছে। বিশেষকৈ পূৰ্ববংগীয় মূলৰ প্ৰবজনকাৰীৰ আগমনক কেন্দ্ৰ কৰি বহু ঠাইত স্থানীয় খিলঞ্জীয়া লোকসকলৰ মাজত উদ্বেগ বৃদ্ধি পাইছে।
বহু অঞ্চলত এনে অভিযোগ উত্থাপন হৈছে যে খিলঞ্জীয়া লোকসকলে নিজৰ ভূমি আৰু ঘৰ এৰি অন্য ঠাইলৈ স্থানান্তৰিত হ’বলগীয়া হৈছে। এই পৰিস্থিতিয়ে সামাজিক, সাংস্কৃতিক আৰু আৰ্থিক ক্ষেত্ৰত গভীৰ প্ৰভাৱ পেলাইছে।
ইফালে আগন্তক বিধানসভা নিৰ্বাচনৰ পূৰ্বে এই জনগাঁথনিৰ পৰিৱৰ্তনৰ বিষয়টো পুনৰ ৰাজনৈতিক আৰু সামাজিক আলোচনা-চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। বিশেষজ্ঞসকলৰ মতে, থলুৱা কৃষ্টি-সংস্কৃতিৰ সংৰক্ষণ, ভাষাৰ সুৰক্ষা আৰু আৰ্থিক স্থিৰতা ৰক্ষাৰ ক্ষেত্ৰত এই বিষয়বোৰ বিশেষ গুৰুত্বপূর্ণ।
এই বিষয়ত অৰাজনৈতিক মঞ্চ প্ৰজ্ঞাই এক বিশেষ আহ্বান জনাইছে। এই অৰাজনৈতিক মঞ্চ প্ৰজ্ঞাৰ হৈ অসমৰ আগশাৰীৰ প্ৰতিষ্ঠিত আৰু বিভিন্ন ক্ষেত্ৰৰে জড়িত বহু লোকে খিলঞ্জীয়া লোকৰ ভোট নোটাত নিদিবৰ বাবে আহ্বান জনাইছে। এই মঞ্চত সত্ৰাধিকাৰৰ পৰা ন্যায়াধীশ, অধ্যাপকৰ পৰা উপাচাৰ্যলৈ, সাংবাদিকৰ পৰা শিল্পী সমাজলৈ, চিন্তাবিদৰ পৰা গৱেষকলৈ, অধিবক্তাৰ পৰা সমাজসেৱকলৈ বিভিন্ন লোক জড়িত হৈ আছে আৰু এই মঞ্চই এইবাৰৰ সমাগত নিৰ্বাচনত খিলঞ্জীয়াৰ সুৰক্ষাৰ হেতু ভোট প্ৰদান কৰাৰ বাবে আহ্বান জনাইছে।
অৰাজনৈতিক মঞ্চ প্ৰজ্ঞাই প্ৰকাশ কৰা এক গোহাৰি পত্ৰৰ হুবহু তুলি দিয়া হল।
অসমৰ সাম্প্ৰতিক সময়ৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত কেইটামান গুৰুত্বপূৰ্ণ বিষয় আপোনালোকৰ আগত উখাপন কৰিব বিচাৰিছোঁ। দেশ-বিভাজনৰ পাছত নামনি অসমৰ পৰা মধ্য অসম হৈ উজনিলৈকে তীব্ৰ গতিত অসমখনৰ জনগাঁথনিৰ পৰিৱৰ্তন হৈ আহিছে। পূৰ্ববংগীয় মূলৰ প্রবজনকাৰীৰ আগ্ৰাসনৰ কবলত খিলঞ্জীয়াই নিজৰ ঘৰ এৰি অন্য ঠাইলৈ যাবলগীয়া পৰিৱেশৰ সৃষ্টিও বহু ঠাইত হৈছে। আগন্তক বিধানসভা নিৰ্বাচনৰ সময়তে জনগাঁথনিৰ বৃহৎ পৰিৱৰ্তনৰ বিষয়টোৱে সকলোকে আকৌ চিন্তিত আৰু শংকিত কৰিছে। কাৰণ থলুৱাৰ কৃষ্টি-সংস্কৃতিৰ বিনাশ, ভাষাৰ সংকট, আৰ্থিক বিপৰ্যয় আদিৰ লগতে কৌশলেৰে ভূমিপুত্ৰক গৃহহাৰা কৰা ঘটনাবোৰ বহু দিন ধৰি সংঘটিত হৈ আহিছিল ৰাজনৈতিক ছত্ৰছায়াত। সেইবাবেই নিৰ্বাচনৰ প্রাকমুহ্ৰ্তত কিছুমান সিদ্ধান্ত লোৱাৰ প্ৰয়োজন আহি পৰিছে। আমি সিদ্ধান্ত ল’বলগীয়া বিষয় আৰু বিন্দুসমূহ ক্ৰমে-
(১) অসমৰ জনগাঁথনিৰ ক্ৰমাগত পৰিৱৰ্তন ৰোধ কৰিবলৈ আৰু খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষা কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। এনে কাম কৰিবলৈ ইচ্ছা প্রকাশ কৰা প্ৰাৰ্থী আৰু দলকহে ৰাইজে বাছনি কৰা উচিত।
(২) অসমৰ প্রকৃতি-সুৰক্ষাৰ বিষয়টো এই নিৰ্বাচনত এটা গুৰুত্বপূৰ্ণ বিষয় হ’ব লাগে। অসমৰ বন্যপ্ৰাণীৰ লগতে প্ৰকৃতিক সুৰক্ষিত কৰিব পৰা ৰাজনৈতিক দলকহে ৰাইজে বাছনি কৰা উচিত।
(৩) অসমৰ যুৱ-শক্তিৰ বিকাশৰ বাবেই সকলো মাদক দ্ৰব্য; বিশেষকৈ ড্ৰাগছৰ বিপক্ষে শক্তিশালী স্থিতি লোৱাৰ ক্ষেত্রত ৰাজনৈতিক দলৰ স্পষ্ট নীতি থকা উচিত।(৪) অসম-বিৰোধী, খিলঞ্জীয়া-বিৰোধী অপশক্তিৰ বিভ্ৰান্তিকৰ অপপ্রচাৰৰ প্রতি আমি সজাগ থকা উচিত।
(৫) অসমৰ খিলঞ্জীয়াৰ ভূমি তথা চৰকাৰী ভূমি বেদখলমুক্ত হোৱাৰ পক্ষত আমি আটায়ে থিয় দিব লাগিব; লগতে খিলঞ্জীয়াৰ ভূমিৰ অধিকাৰ সুনিশ্চিত কৰিব লাগিব।
(৬) আকৌ হত্যা, বোমা বিস্ফোৰণ, অসম বন্ধৰ দিনবোৰলৈ যাতে উভতি যাবলগীয়া নহয় তাৰ বাবে আমি অসমবাসীয়ে উপযুক্ত ৰাজনৈতিক দলক ভোট দিয়া উচিত।
(৭) স্বাৱলম্বন, স্বদেশী সামগ্ৰী ব্যৱহাৰ, জৈৱিক কৃষিৰ প্রসাৰ আদি বিষয়ত সকলো ৰাজনৈতিক নেতাৰ দৃষ্টিভংগী নিৰ্বাচনৰ সময়তে স্পষ্ট ৰূপত জানি লোৱা উচিত।
(৮) সকলোৰে বাবে শিক্ষা মাত্ৰ শ্লোগান হৈ থাকিব নালাগে, শিক্ষাৰ বাণিজ্যিকীকৰণ স্বীকাৰ কৰিও এইক্ষেত্ৰত চৰকাৰৰ সম্পূৰ্ণ নিয়ন্ত্ৰণৰ প্ৰয়োজন থাকে। এই প্ৰসংগত স্পষ্ট নীতি আমি ৰাজনৈতিক দলৰ পৰা বিচাৰোঁ।
(৯) আমি সকলোৱেই অসমৰ ভবিষ্যতৰ স্বাৰ্থত ১০০ শতাংশ ভোটদান নিশ্চিত কৰিব লাগিব। কোনোৱেই যাতে NOTAত ভোট দি খিলঞ্জীয়াৰ এটা ভোটো নষ্ট নকৰে; তাৰ প্রতি আমি সজাগ হোৱা উচিত।আমাক লাগিব এখন শক্তিসম্পন্ন, খিলঞ্জীয়াৰ হৈ কাম কৰা, অসমৰ সংস্কৃতি আৰু থলুৱা ভাষা সংৰক্ষণৰ বাবে কাম কৰা দক্ষ চৰকাৰ। আহক, আমি সকলোৱেই এই অৰাজনৈতিক অথচ গুৰুত্বপূৰ্ণ বিষয়সমূহ চৰ্চাৰ জৰিয়তে নিজৰ লগতে আমাৰ ৰাজ্যখনৰ ভৱিষ্যৎ শংকা-মুক্ত কৰাৰ বাবে সুচিন্তিত পদক্ষেপ গ্ৰহণ কৰোঁ। নিম্নলিখিত বৌদ্ধিক সমাজে অৰাজনৈতিক মঞ্চ প্রজ্ঞা’ৰ পৰা৷ সাধাৰণ ভোটাৰ ৰাইজলৈ জনোৱা সজাগতামূলক এই আহ্বানৰ প্ৰতি সহমত পোষণ কৰিছে।

ডিজিটেল ডেস্ক, ৩ এপ্ৰিল