নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰূপজ্যোতি কুৰ্মীৰ হৈ প্ৰচাৰ চলাবলৈ কাইলৈ মৰিয়নিলৈ মুখ্যমন্ত্ৰী

বেয়াও লাগিছে, কিন্তু উপাই নাই। নিৰ্বাচনত আকৌ জয়ী হ'ম বুলি দাবী কৰি ৰূপজ্যোতিয়ে কয়- মইয়েই আকৌ জয়ী হম। মই জয়ী কেনেকৈ হও বা ইমান বছৰে কেনেকৈ জয়ী হৈ আহিছোঁ তাৰ এটা 'কিটিপ' আছে

তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে মৰিয়নিৰ বিজেপি মিত্ৰজোঁ‌টৰ প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মী। বিৰোধী মিত্ৰজোঁ‌টৰ উমৈহতীয়া প্ৰাৰ্থী ড° জ্ঞানশ্ৰী বৰাই এইবাৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে। ৰাইজৰ দলৰ প্ৰাৰ্থী ড° জ্ঞানশ্ৰী বৰাই খুব কম দিনৰ ভিতৰতে ইতিমধ্যে সমষ্টিটোৰ প্ৰায় আটাইবোৰ ঠাইত নিজৰ সবল স্থিতি ঘোষণা কৰিছে।

আক্ৰমণ- প্ৰত্যাক্ৰমনেৰে কেৱল সমষ্টিটোতে নহয়, সমগ্ৰ ৰাজ্যখনতে বিশেষ চৰ্চা লাভ কৰিছে ৰাইজৰ দলৰ প্ৰাৰ্থী গৰাকীয়ে। ইয়াৰ বিপৰীতে ৰূপজ্যোতি কুৰ্মীয়েও নিজৰ প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে।

সমান্তৰালভাৱে ৰাইজৰ দলৰ প্ৰাৰ্থীগৰাকীক আক্ৰমণ কৰিবলৈও পাহৰা নাই ৰূপজ্যোতিয়ে। সুবিধা পালেই আক্ৰমণ অব্যাহত ৰাখিছে। ইয়াৰ মাজতে মৰিয়নি সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ কাইলৈ অৰ্থাৎ ৪ এপ্ৰিলৰ দুপৰীয়া মৰিয়নিত উপস্থিত হ’বহি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা।

মৰিয়নি সমষ্টিৰ বৈছাহাবি চাহ বাগিচাৰ খেলপথাৰত দিনৰ ২ বজাত এক নিৰ্বাচনী প্ৰচাৰ সভাত মুখ্যমন্ত্ৰীয়ে অংশগ্ৰহণ কৰিব। পূৰ্বতে ৬ এপ্ৰিলত মুখ্যমন্ত্ৰী অহাৰ কথা আছিল যদিও পিছত এদিন আগুৱাই ৫ এপ্ৰিলত দিন ধাৰ্য্য কৰা হৈছিল।

কিন্তু আজি পুনৰ এদিন আগুৱাই মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ সভা কাইলৈ অৰ্থাৎ ৪ এপ্ৰিলত চূড়ান্ত কৰা হয়। ইফালে, এইবাৰ সমষ্টিৰ দলীয় কৰ্মী-নেতাসকলেই নিৰ্বাচনী প্ৰচাৰৰ কাম ভালদৰে কৰি আছে বুলি উল্লেখ কৰি ৰূপজ্যোতি কুৰ্মীয়ে কয়- দলৰ কৰ্মী, নেতাসকলে প্ৰচাৰৰ কাম খুব ভালদৰে কৰি আছে।

মই অন্য কোনো নেতাক আহিব নালাগে বুলি কৈছিলো। কিন্তু কৰ্মীসকলে মুখ্যমন্ত্ৰীৰ সৈতে যোগাযোগ কৰি তেওঁক মৰিয়নিলৈ আমন্ত্ৰণ জনোৱাৰ বাবে মুখ্যমন্ত্ৰীয়ে প্ৰচাৰ চলাবলৈ আহিব বুলি জানিবলৈ দিয়ে।

কিন্তু দলীয় এক সূত্ৰৰ মতে, যোৱা ২৪ ফেব্ৰুৱাৰীত মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কৰিবলৈ একে ঠাইতে মুখ্যমন্ত্ৰী আহিছিল। তাৰ কেইটামান দিনৰ পিছতেই মুখ্যমন্ত্ৰীৰ পুনৰ অহাৰ পৰিকল্পনা নাছিল।

কিন্তু শেহতীয়াকৈ সমষ্টিটোত বিজেপি প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাত ৰূপজ্যোতিক উদ্ধাৰৰ বাবে অৱশেষত মুখ্যমন্ত্ৰী নিজেই ফিল্ডত নামিবলগীয়া হ’ল। সেই সূত্ৰেই মুখ্যমন্ত্ৰীৰ কাৰ্য্যসূচী মিলাই ৪ এপ্ৰিলত মৰিয়নিলৈ অহাৰ সিদ্ধান্ত লয় মুখ্যমন্ত্ৰীয়ে।

আনহাতে, প্ৰত্যাহ্বানৰ সন্মুখীন হ’লেও ৰূপজ্যোতি কুৰ্মীৰ দাবী, এইবাৰ পূৰ্বতকৈও অধিক ভোটত জয়ী হম। ড° জ্ঞানশ্ৰী বৰাক কটাক্ষ কৰি কয়- তেওঁ প্ৰথমবাৰৰ বাবে ৰাজনীতিলৈ আহিছিল। কিন্তু প্ৰথমবাৰতেই হাৰিব লাগিব তেওঁ।

বেয়াও লাগিছে, কিন্তু উপাই নাই। নিৰ্বাচনত আকৌ জয়ী হ’ম বুলি দাবী কৰি ৰূপজ্যোতিয়ে কয়- মইয়েই আকৌ জয়ী হম। মই জয়ী কেনেকৈ হও বা ইমান বছৰে কেনেকৈ জয়ী হৈ আহিছোঁ তাৰ এটা ‘কিটিপ’ আছে।

কিন্তু মই সকলোৰে সন্মুখত নকও বুলি উল্লেখ কৰে ৰূপজ্যোতিয়ে। সি যি কি নহওক- মুখ ফুটাই নক’লেও বিৰোধী প্ৰাৰ্থী ৰাইজৰ দলৰ ড° জ্ঞানশ্ৰী বৰাই যে  ৰূপজ্যোতি কুৰ্মীৰ বাবে বৃহৎ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে সেই কথা ক্ৰমাৎ স্পষ্ট হৈ পৰিছে ।

বিশেষ বাৰ্তা, মৰিয়নি, ৩ এপ্ৰিল

You might also like