নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৪ এপ্ৰিল : আজিৰ দিনটোৰ ৰাশিফল

আজি ৪ এপ্রিল, চ’ত মাহৰ ২০ তাৰিখ
শনিবাৰ : তিথি–কৃষ্ণা দ্বিতীয়, নক্ষত্র : স্বাতী, যাত্রা : নাই

মেষ : আজি আপুনি পুৱাৰ ভাগত সাৱধান হোৱা উচিত৷ বিদ্যাত মধ্যম৷ দাম্পত্যত শুভ কর্ম সম্পাদন৷ শৰীৰৰ যত্ন লওক৷ আর্থিকত মধ্যম৷ শুভ ৰং সেউজীয়া, শুভ সংখ্যা–১৷

বৃষ : আজি আপোনাৰ কর্মক্ষেত্রত কোনো দায়িত্ব পালন কৰি সুখ অনুভৱ৷ বিদ্যাত মধ্যম৷ ফুৰা–চকাৰ ক্ষেত্রত সতর্ক হ’ব৷ বন্ধুৰ ক্ষেত্রত সুখ লাভ৷ শুভ ৰং ৰঙা, শুভ সংখ্যা–৮৷

মিথুন : আজি আপুনি বিদ্যাৰ ক্ষেত্রত মনোযোগ দিয়ক৷ পাৰিবাৰিক ক্ষেত্রত মধ্যম ফল৷ বন্ধু–বান্ধৱীৰ আগমন৷ ব্যৱসায়ত মধ্যম৷ শৰীৰ মধ্যম৷ শুভ ৰং মেৰুন, শুভ সংখ্যা–৭৷

কর্কট : আজি আপোনাৰ আর্থিকত ব্যয় বৃদ্ধি৷ মনত উৎসাহ থাকিব৷ কিছু পৰিৱর্তনৰ বাবে সুখী অনুভৱ কৰিব৷ বিদ্যাত মধ্যম৷ সু–সংবাদ৷ শুভ ৰংবগা, শুভ সংখ্যা–৮৷

সিংহ : আজি আপোনাৰ কর্মক্ষেত্রত কিছু সমস্যাই দেখা দিব পাৰে৷ মানসিক ক্ষেত্রত মধ্যম৷ কোনো কাৰণত মনত দুখ পাব পাৰে৷ বিদ্যাত মধ্যম৷ প্রেমত সমস্যা থাকিব৷ শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা–৯৷

কন্যা : আজি আপোনাৰ দিনটো ভালে নাযাব৷ কিবা নহয় কিবা সমস্যাৰ সন্মুখীন হ’ব পাৰে৷ উৎসাহেৰে কোনো বার্তাৰ অপেক্ষা কৰিব পাৰে৷ শুভ ৰং নীলা, শুভ সংখ্যা–২৷

তুলা : আজি দিনটোত যোগ্যজনে আশা কৰা মতে ফল লাভ কৰিব পাৰে৷ কর্তব্যত নিজৰ দক্ষতা থাকিব৷ কোনো খবৰে মনটো চঞ্চল কৰিব পাৰে৷ বিদ্যাত মধ্যম৷ ভ্রমণত কিছু সমস্যা৷ শুভ ৰং গুলপীয়া, শুভ সংখ্যা– ৪৷

বৃশ্চিক : আজি আপোনাৰ অপেক্ষাত আশানুৰূপ ফল লাভ৷ দিনটো কিছু সমস্যাৰ মাজেৰে পাৰ হ’ব পাৰে৷ বিদ্যাত মধ্যম৷ খাদ্যৰ ক্ষেত্রত সতর্ক হওক৷ নতুন সংযোগৰ আশা৷ দাম্পত্যত মধ্যম৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা– ৩৷

ধনু : আজি আপোনাৰ কর্মব্যস্ততা বাঢ়িব ৷ শৰীৰ মধ্যম৷ গুৰুত্বপূর্ণ কামত হাত দিয়াৰ আগত কিছু চিন্তা কৰি ল’ব৷ নতুন উদ্যম, কিন্তু আর্থিকত ব্যয় বৃদ্ধি৷ প্রেমত মধ্যম৷ বিদ্যাত ভাল নাযাব৷ শুভ ৰং ক’লা, শুভ সংখ্যা–২৷

মকৰ : আজি আপোনাৰ আন দিনাতকৈ উন্নত৷ মনত দৃঢ়তা থাকিব৷ যোগাযোগৰ ক্ষেত্রত উপকৃত হ’ব৷ ব্যৱসায়ত ভাল ফল পাব পাৰে৷ বিদ্যাত মধ্যম৷ শুভ ৰং সোণালী, শুভ সংখ্যা– ৫৷

কুম্ভ : আজি আপুনি আর্থিকত সতর্ক হওক৷ বন্ধুৰ বাবে সদ্ভাব থাকিব৷ আন দিনাৰ তুলনাত আজি কিছু উন্নত৷ শৰীৰ ভালে যাব৷ শুভ ৰং কমলা, শুভ সংখ্যা–৭৷

মীন : আজি আপোনাৰ সুযোগ বা সহায়ৰ সম্ভাৱনা৷ মাতৃৰ শৰীৰক লৈ চিন্তা থাকিব৷ যোগাযোগৰ ক্ষেত্রত সুফল আশা৷ বিদ্যাত বেয়া নহ’ব৷ শুভ ৰং ক্রীম, শুভ সংখ্যা–১৷

You might also like