নিয়মীয়া বাৰ্তা, ঢকুৱাখনা, ৬ এপ্রিল : ৰাজ্যত নির্বাচনী গৰম বতাহ বলি থকাৰ মাজতে আজি ৭৭নং ঢকুৱাখনা বিধানসভা সমষ্টিত বিজেপি মিত্রজোঁটৰ এক বিশাল নির্বাচনী প্রচাৰ সভা অনুষ্ঠিত হয়। বিজেপি মিত্রজোঁটৰ মনোনীত প্রার্থী নৱ কুমাৰ দলেৰ সমর্থনত ঢকুৱাখনা নগৰৰ নৱনিৰ্মিত নৈশ বাছ আস্থানত আয়োজিত নিৰ্বাচনী সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে লখিমপুৰ লোকসভা সমষ্টিৰ নিৰ্বাচনী তত্ত্বাৱধায়ক তথা ছত্তিশগড়ৰ উপ-মুখ্যমন্ত্ৰী অৰুণ চাও।
ভাষণ প্রসংগত উপ-মুখ্যমন্ত্ৰী অৰুণ চাও-এ কেন্দ্র আৰু ৰাজ্যৰ ডাবল ইঞ্জিন চৰকাৰে যোৱা কেইবছৰত কৰা উন্নয়নমূলক কাম-কাজৰ খতিয়ান দাঙি ধৰে। নিজৰ ভাষণত ছত্তিশগড়ৰ উপ-মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে অসম এতিয়া বিজেপিময়। ডাবল ইঞ্জিন চৰকাৰৰ জৰিয়তে ৰাজ্য আৰু কেন্দ্ৰই একেলগে কাম কৰাৰ ফলত উন্নয়নৰ গতি অধিক ত্বৰান্বিত হৈছে। অসমে ইতিমধ্যে বিভিন্ন ক্ষেত্রত দ্রুত অগ্রগতি লাভ কৰিছে আৰু এই গতি বজাই ৰাখিবলৈ বিজেপিক পুনৰ ক্ষমতালৈ অনাটো অতি গুৰুত্বপূর্ণ।
তেওঁ কয় যে জনসাধাৰণৰ বিশ্বাস আৰু সমর্থনৰ ফলতেই বিজেপিয়ে বিগত দুটা কার্যকালত উন্নয়নৰ নতুন অধ্যায় আৰম্ভ কৰিছে আৰু সেই ধাৰা অব্যাহত ৰাখিবলৈ এইবাৰো বিজেপিক পুনৰ ক্ষমতালৈ আনিব লাগিব। তেওঁ অঞ্চলটোৰ সর্বাংগীণ বিকাশৰ ধাৰা অব্যাহত ৰাখিবলৈ বিজেপি প্রার্থী নৱ কুমাৰ দলেক বিপুল ভোটত জয়ী কৰাবলৈ ৰাইজক আহ্বান জনায়।
লখিমপুৰ লোকসভাৰ সাংসদ প্ৰদান বৰুৱা উপস্থিত থকা নিৰ্বাচনী প্ৰচাৰ সভাখনত প্রার্থী নৱ কুমাৰ দলেই নিজৰ ভাষণত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ প্ৰতি ৰাইজৰ অটল আস্থা, সঁহাৰি আৰু দৃঢ় সমৰ্থনে উন্নয়নৰ পথত অধিক গতিশীলভাৱে আগবাঢ়িবলৈ আমাক নতুন শক্তি প্ৰদান কৰিছে বুলি উল্লেখ কৰি তেওঁ কয়- ঢকুৱাখনাৰ সামগ্ৰিক উন্নয়ন আমাৰ দৃঢ় সংকল্প। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ দূৰদৰ্শী নেতৃত্ব আৰু প্রজ্ঞাময় মাৰ্গদৰ্শনৰ আলোকত ঢকুৱাখনা সমষ্টিক অসমৰ ভিতৰত এক জাকতজিলিকা, উন্নয়নৰ দিশে আগবঢ়া আদর্শ সমষ্টি হিচাপে প্রতিষ্ঠা কৰাৰ লক্ষ্যত আমি অবিচল সংকল্পবদ্ধ বুলি মত প্রকাশ কৰে।
নিৰ্বাচনী প্ৰচাৰ সভাতে কংগ্ৰেছকে ধৰি অন্য দল-সংগঠনৰ বহুসংখ্যক কৰ্মীয়ে ভাৰতীয় জনতা পাৰ্টীৰ নীতি-আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে। ঢকুৱাখনা পৌৰসভা ভিত্তিত আয়োজিত সভাখনত বিজেপিৰ ঢকুৱাখনা জিলা সমিতিৰ সভাপতি স্বৰূপ কোঁৱৰ, সন্মিলিত গণ শক্তি, অসমৰ ঢকুৱাখনা জিলাৰ সভাপতি নৰনাথ চণ্ডী, অগপৰ ঢকুৱাখনা বিধান পৰিষদৰ সভাপতি দুলাল দত্ত, ঢকুৱাখনা পৌৰসভাৰ পৌৰপতি ৰাজীৱ দাস, অগপৰ মহেশ দলেৰ লগতে মিত্ৰজোঁটৰ বিষয়ববীয়াসকল উপস্থিত থাকে।