নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বনাথত কংগ্ৰেছ প্ৰাৰ্থীক লক্ষ্য কৰি মুখ্যমন্ত্ৰীৰ তীব্ৰ আক্ৰমণ

জয়ন্ত বৰাক “মাটিৰ দালাল” বুলি অভিহিত কৰি কয় যে মাটি বেচা-কিনাত তেওঁ “নাম্বাৰ ৱান”

নিৰ্বাচনী প্ৰচাৰৰ মাজতে বিশ্বনাথ সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী জয়ন্ত বৰাক লক্ষ্য কৰি তীব্ৰ মন্তব্য কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। তেওঁ জয়ন্ত বৰাক “মাটিৰ দালাল” বুলি অভিহিত কৰি কয় যে মাটি বেচা-কিনাত তেওঁ “নাম্বাৰ ৱান”।

মুখ্যমন্ত্ৰীয়ে আৰু অভিযোগ কৰে যে জয়ন্ত বৰাই বিশ্বনাথৰ বহু দৰিদ্ৰ পৰিয়ালৰ পৰা মাটি কাঢ়ি লোৱাৰ লগতে “তেজ শুহি খোৱাৰ” দৰে কাম কৰিছে। তেওঁ কয় যে এইধৰণৰ ৰাজনীতি ৰাইজে সহ্য নকৰিব।

ইয়াৰ লগতে মুখ্যমন্ত্ৰীয়ে দাবী কৰে যে বিশ্বনাথত বিজেপিৰ প্ৰাৰ্থী পল্লৱলোচন দাসক ৰোধ কৰিবলৈ কংগ্ৰেছ সম্পূৰ্ণ শক্তিহীন হৈ পৰিছে। তেওঁ কয় যে ৰাইজে ইতিমধ্যে উন্নয়নমুখী ৰাজনীতিক সমৰ্থন জনাবলৈ সিদ্ধান্ত লৈছে।

ডিজিটেল ডেস্ক, ৬ এপ্ৰিল

You might also like