নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বঢ়মপুৰত জিতু গোস্বামীৰ হৈ নিৰ্বাচনী প্ৰচাৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

নিয়মীয়া বাৰ্তা, চামগুৰি, ৬ এপ্ৰিল : মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই আজি বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত বঢ়মপুৰ ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত বিশাল বিজয় সংকল্প সভাত অংশগ্ৰহণ কৰে৷ বঢ়মপুৰ সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী জিতু গোস্বামীৰ হৈ প্ৰচাৰ চলোৱা বিশাল নিৰ্বাচনী সভাখনত সকলো শ্ৰেণী ৰাইজৰ ব্যাপক উৎসাহ-উদ্দীপনা পৰিলক্ষিত হয়।

আজি বঢ়মপুৰ সমষ্টিত অনুষ্ঠিত হোৱা বিজয় সংকল্প সভাত অংশ লৈ মুখ্যমন্ত্রী ড° শৰ্মাই তেওঁৰ ভাষণত কয়- জাতি-মাটি-ভেটি ৰক্ষাৰ বাবে আমি এইখন অসমত থাকিবই লাগিব। কংগ্রেছে আমাক ৰক্ষা কৰিব নোৱাৰে। কেৱল বিজেপি চৰকাৰেহে খিলঞ্জীয়াক সুৰক্ষিত কৰিব পাৰিব। বিজেপি মিত্ৰজোঁটৰ প্রার্থী জিতু গোস্বামীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই মুখ্যমন্ত্রী গৰাকীয়ে ভাষণ প্ৰসংগত আৰু কয় যে ২০২১ চনৰ বিধানসভা নিৰ্বাচনৰ পাছত এক লাখ ল’ৰা-ছোৱালীক চাকৰি দিম বুলি কোৱাৰ সময়ত কোনোৱে বিশ্বাস কৰা নাছিল। কিন্তু ৫ বছৰ সম্পূৰ্ণ কৰাৰ সময়ত আমি এতিয়া ১ লাখ ৬৫ হাজাৰ যুৱক-যুৱতীক চাকৰি দিলোঁ। কংগ্ৰেছৰ দিনত অংগনৱাড়ী চাকৰিৰ বাবেও পইচা দিব লাগিছিল, মধ্যাহ্ন ভোজনৰ চাকৰিতো পইচা দিব লাগিছিল। কিন্তু বিজেপি চৰকাৰে স্বচ্ছ আৰু নিকাৰে ১.৬৫ লাখ শিক্ষিত যুৱক-যুৱতীক চৰকাৰী চাকৰিত নিযুক্তি দিবলৈ সক্ষম হ’ল ৷ পুনৰ চৰকাৰ গঠন কৰিলে ২ লাখ যুৱক-যুৱতীক চৰকাৰী চাকৰি দিম।

মুখ্যমন্ত্রীয়ে কয়- মহিলা উদ্যমিতা আঁচনিত এইবাৰ ১০ হাজাৰ টকাকৈ প্ৰদান কৰা হৈছে। আগন্তুক দিনত এই ধন ২৫ হাজাৰ টকালৈ বৃদ্ধি কৰা হ’ব। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসমৰ বঢ়মপুৰৰ দহ হাজাৰ যুৱক-যুৱতীক ২ লাখ টকাকৈ প্রদান কৰা হ’ব বুলিও আজি প্রতিশ্রুতি প্রদান কৰে।

মুখ্যমন্ত্ৰীগৰাকীয়ে ভাষণ প্রসংগত কংগ্ৰেছ দলক সমালোচনা কৰি কয় যে কংগ্ৰেছৰ দিনত কেৱল সূতা, কম্বল আৰু ধুতী-লুঙী দিয়েই দায়িত্ব সামৰিছিল । কিন্তু বিজেপি চৰকাৰে মহিলাসকলক আর্থিকভাৱে সবল কৰি তোলাৰ লক্ষ্যৰে মহিলা উদ্যমিতা আঁচনিৰ অধীনত ১০ হাজাৰ টকাকৈ আগবঢ়াইছে। পুনৰ চৰকাৰ গঠন হ’লে এই ধন ২৫ হাজাৰ টকালৈ বৃদ্ধি কৰা হ’ব। মই বেলেগৰ তুলনাত জিতুক অলপ বেছি মৰম কৰোঁ, কাৰণ ২০১৬ চনত বিজেপিত আহিবলৈ মোক জিতুৱেই কৈছিল ।

বিশাল নিৰ্বাচনী সভাখনৰ অন্তত সাংবাদিকে সোধা প্ৰশ্নত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে পাকিস্তানৰ লগত লগ লাগি কংগ্ৰেছে হিমন্ত বিশ্ব শৰ্মাৰ গতি স্তব্ধ কৰিব খোজে, কিন্তু অসমৰ ৰাইজৰ আশীৰ্বাদ মোৰ লগত আছে, ইলেকচনত বিজেপি জিকিবই। যি হিন্দুৱে গৰু খায়, তাকে অসম জাতীয় পৰিষদে টিকট দিয়ে। ৰাজেন গোহাঁই অন্তত বিজেপিত আছিল, তেওঁ এই দলটোৰ পৰা ওলাই আহিব। বাংলাদেশী মিঞাই ভোট দিব ৰাজেন গোহাঁইক আৰু বঢ়মপুৰৰ বাকী অসমীয়াই ভোট দিব জিতু গোস্বামীক। মুখ্যমন্ত্ৰীগৰাকীয়ে বঢ়মপুৰ সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্রার্থী জিতু গোস্বামীক ৫০ হাজাৰৰো অধিক ভোটত জয়যুক্ত কৰাৰ বাবে উপস্থিত ৰাইজক আহ্বান জনায়।

আজিৰ বিজয় সংকল্প সভাত মামা হিমন্ত বিশ্ব শৰ্মাৰ সৈতে একেলগে নাচিলে হাজাৰ হাজাৰ পুৰুষ-মহিলাই। বিজেপি নেতা অনিৰ্বাণ গোস্বামীয়ে আঁত ধৰা সভাত শিল্পী স্বজল নায়কে গীত পৰিৱেশন কৰে।

You might also like