নিয়মীয়া বাৰ্তা, নগৰবেৰা, ৭ এপ্ৰিল : কামৰূপৰ মন্দিৰা আৰক্ষী চকীৰ এটা আৰক্ষীৰ দলে সোমবাৰে চোৰাং গৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে এক অতৰ্কিত অভিযান চলাই ২৮টাকৈ চোৰাং গৰু জব্দ কৰাৰ লগতে তিনিজনকৈ সৰবৰাহকাৰীকো আটক কৰিবলৈ সক্ষম হয় ৷
মন্দিৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জ্যোৰ্তিময় দাসৰ নেতৃত্বত ঘিলাবাৰীৰ পৰা আৰক্ষীয়ে চোৰাং গৰুকেইটা জব্দ কৰে। তদুপৰি আৰক্ষীয়ে ক্ৰমে মালিবাৰীৰ বাছেৰ আলী, শুক্টাটাৰীৰ জয়নুদ্দিন আৰু আঠুভাঙাৰ অঞ্জন খান নামৰ তিনিগৰাকী চোৰাং গৰু সৰবৰাহকাৰীকো গ্ৰেপ্তাৰ কৰে।
শেহতীয়াকৈ জনা মতে, গো সৰবৰাহকাৰী তিনিজনক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰাৰ লগতে গৰুকেইটা গো-শালালৈ প্ৰেৰণ কৰা হৈছে। উল্লেখ্য যে জব্দকৃত গৰুকেইটা গোপনে ঘিলাবাৰীৰ পৰা ধূপধৰালৈ সৰবৰাহ কৰাৰ সময়তে জব্দ কৰে আৰক্ষীয়ে।