ডিজিটেল ডেস্ক, ৭ এপ্ৰিল : মহাবিপদত পৰিছে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা পৱন খেড়া ! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পত্নীৰ বিৰুদ্ধে ভুৱা অভিযোগ উত্থাপন কৰি পলাই ফুৰিবলগীয়া হৈছে জ্যেষ্ঠ নেতাগৰাকীয়ে ৷ যিকোনো মুহুৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে পৱন খেড়া । ইতিমধ্যে অসম আৰক্ষীৰ এটা দল মঙলবাৰে দিল্লীস্থিত পৱন খেড়াৰ বাসগৃহত উপস্থিত হয় ।
উল্লেখ্য যে কংগ্ৰেছ নেতাগৰাকীয়ে মুখ্যমন্ত্ৰীৰ পত্নীৰ বিৰুদ্ধে একাধিক বিদেশী পাছপ’ৰ্টৰ লগতে বিদেশত সম্পত্তি থকাৰ মিছা অভিযোগ উত্থাপন কৰিছিল। কংগ্ৰেছ নেতা পৱন খেড়াই অনা অভিযোগক লৈ দেওবাৰে নিশাৰ ভাগতে মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই গোচৰ তৰিছিল ৷
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ বিৰুদ্ধে অনা অভিযোগৰ সৈতে জড়িত এটা গোচৰ সন্দৰ্ভত আৰক্ষীৰ দলটো মঙলবাৰে পুৱাই খেড়াৰ বাসগৃহত উপস্থিত হয়। দিল্লীৰ নিজামুদ্দিনস্থিত ঘৰ নং ডি ১২ত কংগ্ৰেছ নেতা পৱন খেড়াক বিচাৰি অসম আৰক্ষীৰ এটা দল উপস্থিত হোৱাত দিল্লী আৰক্ষীয়েও সহযোগ কৰে দলটোক ৷ নিয়ম অনুসৰি, অভিযান চলোৱাৰ পূৰ্বে স্থানীয় আৰক্ষীক এই বিষয়ে অৱগত কৰা হৈছিল।
ইফালে, শেহতীয়া বাতৰি অনুসৰি গ্ৰেপ্তাৰৰ ভয়ত দিল্লীৰ পৰা হায়দৰাবাদলৈ পলায়ন কৰিছে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা পৱন খেড়াই। উল্লেখ্য যে মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই যোৱা ৬ এপ্ৰিলত কংগ্ৰেছ নেতাজনৰ বিৰুদ্ধে দাখিল কৰা এক এজাহাৰৰ ভিত্তিত এই তদন্ত আৰম্ভ হৈছে । কংগ্ৰেছ নেতাগৰাকীয়ে উত্থাপন কৰা এই অভিযোগ মিছা প্ৰমাণিত হোৱাৰ পিছতে এতিয়া পৱন খেড়াই গ্ৰেপ্তাৰৰ ভয়ত পলায়ন কৰিছে বুলি জানিব পৰা গৈছে ।