নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাতালত লুকাই থাকিলেও নিস্তাৰ নাপাব পৱন খেড়াই : মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ হুংকাৰ

ডিজিটেল ডেস্ক, ৭ এপ্ৰিল : ‘পাতালত লুকাই থাকিলেও নিস্তাৰ নাপাব পৱন খেড়াই । পাতালৰ পৰা হ’লেও পৱন খেড়াক বিচাৰি উলিয়াব অসম আৰক্ষীয়ে ।’- মঙলবাৰে সাংবাদিকৰ আগত এই মন্তব্য কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ।

সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত পৱন খেড়া সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়- সঁচা নজনাকৈ কিয় এই অভিযোগ উত্থাপন কৰা হৈছে। ভুৱা নথি-পত্ৰৰে এই অভিযোগ কিয় আনিছে। শেহতীয়াকৈ পৱন খেড়াই পলায়ন কৰা সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়- অসম আৰক্ষীক চিনি পোৱা নাই । পাতালৰ পৰা হ’লেও পৱন খেড়াক বিচাৰি উলিয়াব অসম আৰক্ষীয়ে । অসম লাচিত বৰফুকনৰ দেশ । কোন এই পৱন খেড়া? পাতালত লুকাই থাকিলেও নিস্তাৰ নাপাব পৱন খেড়াই।

মুখ্যমন্ত্ৰী ড০ শৰ্মাই এই ষড়যন্ত্ৰৰ আঁৰত ৰাহুল গান্ধী জড়িত হৈ থকা বুলি অভিযোগ কৰে। সেয়েহে তেওঁ এই গোচৰে ৰাহুল গান্ধীকো সাঙুৰি ল’ব বুলি মন্তব্য কৰে । মুখ্যমন্ত্ৰীগৰাকীয়ে কয়- “মোক ভয় খুৱাবলৈ চেষ্টা নকৰিব । এইখন অসম হয় । আমি ১৭বাৰকৈ ইছলামিক আগ্ৰাসনৰ বিৰুদ্ধে যুঁজ দিছিলোঁ । আমি বেলেগ এখন পৃথিৱীৰ পৰা অহা ।’

উল্লেখ্য যে কংগ্ৰেছ নেতাগৰাকীয়ে মুখ্যমন্ত্ৰীৰ পত্নীৰ বিৰুদ্ধে একাধিক বিদেশী পাছপ’ৰ্টৰ লগতে বিদেশত সম্পত্তি থকাৰ মিছা অভিযোগ উত্থাপন কৰিছিল। কংগ্ৰেছ নেতা পৱন খেড়াই অনা অভিযোগক লৈ দেওবাৰে নিশাৰ ভাগতে মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই গোচৰ তৰিছিল ৷ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ বিৰুদ্ধে অনা অভিযোগৰ সৈতে জড়িত এটা গোচৰ সন্দৰ্ভত আৰক্ষীৰ দল মঙলবাৰে পুৱাই খেড়াৰ দিল্লীৰ বাসগৃহত উপস্থিত হয়। শেহতীয়া খবৰ অনুসৰি গ্ৰেপ্তাৰৰ ভয়ত দিল্লীৰ পৰা হায়দৰাবাদলৈ পলায়ন কৰিছে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা পৱন খেড়াই।

You might also like