নিয়মীয়া বাৰ্তা, ধুবুৰী, ৭ এপ্ৰিল : নিৰ্বাচনী প্ৰচাৰৰ আজি অন্তিম দিনটোত ধুবুৰী বিধানসভা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী উত্তম প্ৰসাদে এক বিশাল বাইক ৰেলীৰে নিজৰ প্ৰচাৰৰ সামৰণি মাৰে। চহৰখনৰ মাজমজিয়াৰ ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰৰ পৰা আৰম্ভ হোৱা সেই বাইক ৰেলীয়ে ধুবুৰী বিধানসভা সমষ্টিৰ বিভিন্ন অঞ্চল পৰিভ্ৰমণ কৰি শক্তি প্ৰদৰ্শন কৰে প্ৰাৰ্থীগৰাকীয়ে ।
ইপিনে, ৰেলীৰ পূৰ্বে সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত ৯ এপ্ৰিলৰ ভেটগ্ৰহণৰ দিনা ধুবুৰীৰ সকলো ভোটাৰক নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনায় প্ৰসাদে। ১৯৯১ চনৰ বিধানসভা নিৰ্বাচনত বিজেপি জয়ী হোৱাৰ ফলাফলৰ এইবাৰ পুনৰাবৃত্তি ঘটিব নেকি বুলি সোধা এক প্ৰশ্নৰ উত্তৰত এইবাৰ ধুবুৰীৰ ৰাইজে বিধায়কৰ পৰিৱৰ্তন হোৱাটো বিচাৰিছে বুলি মন্তব্য কৰে তেওঁ।
আনহাতে, ধুবুৰীত বিজেপিলৈ সংখ্যালঘু ভোটাৰৰ সঁহাৰি কেনে বুলি সোধা এক প্ৰশ্নত তেওঁৰ দাবী- এইবাৰ আশা কৰাতকৈ অধিক সঁহাৰি লাভ কৰিছে। চৰকাৰৰ কাম-কাজ, মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীৰ উন্নয়নমূলক পদক্ষেপৰ বাবেই বহু সংখ্যালঘু ভোটাৰে বিজেপিৰ পক্ষত আগবাঢ়ি আহিছে বুলিও তেওঁ উল্লেখ কৰে।
ইফালে, ধুবুৰীত এইবাৰ মুখ্য প্ৰতিদ্বন্দ্বিতা বিজেপি আৰু এআইইউডিএফৰ মাজতেই হ’ব বুলিয়েই দাবী উত্তম প্ৰসাদৰ। উল্লেখ্য যে আজি ধুবুৰীত এআইইউডিএফ দলৰ প্ৰাৰ্থী নজৰুল হকেও এক বিশাল বাইক ৰেলীৰে নিজৰ শক্তি প্ৰদৰ্শন কৰে।