মণিপুৰত পুনৰ অশান্ত পৰিস্থিতিৰ সৃষ্টি হোৱাৰ পাছত চৰকাৰে ইম্ফলসহ ৫খন জিলাত ইণ্টাৰনেট সেৱা সাময়িকভাৱে বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। বৰ্তমান আইন-শৃংখলা পৰিস্থিতি অৱনতি হোৱাৰ আশংকাত এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
চৰকাৰী সূত্ৰ অনুসৰি, ইম্ফল পশ্চিম, ইম্ফল পূব, থৌবাল, কাকচিং আৰু বিষ্ণুপুৰ জিলাত তাৎক্ষণিকভাৱে ইণ্টাৰনেট আৰু মোবাইল ডাটা সেৱা তিনি দিনৰ বাবে স্থগিত কৰা হৈছে।
এই সিদ্ধান্ত লোৱাৰ মূল কাৰণ হৈছে বিষ্ণুপুৰ জিলাৰ মোইৰাং ট্ৰংলাওবী অঞ্চলত সংঘটিত এক ভয়ংকৰ বিস্ফোৰণৰ ঘটনা। সন্দেহজনক উগ্ৰপন্থীসকলে নিশা এটা ঘৰত বোমা নিক্ষেপ কৰে। এই বিস্ফোৰণত পাঁচ বছৰীয়া এজন ল’ৰা আৰু ছয়মহীয়া এগৰাকী কণমানি কন্যাশিশুৰ মৃত্যু হয় আৰু তেওঁলোকৰ মাতৃ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।
ঘটনাৰ পাছতে স্থানীয় লোকসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। উত্তেজিত প্ৰতিবাদকাৰীসকলে এটা পেট্ৰ’ল পাম্পৰ ওচৰত দুটা তেল টেংকাৰ আৰু এখন ট্ৰাকত অগ্নিসংযোগ কৰে। লগতে মোইৰাং থানাৰ সন্মুখত টায়াৰ জ্বলাই আৰু এটা অস্থায়ী আৰক্ষী চকীত ক্ষতি সাধন কৰা হয়।
পৰিস্থিতি নিয়ন্ত্ৰণত ৰাখিবলৈ এলেকাটোত অতিৰিক্ত সুৰক্ষা বাহিনী মোতায়েন কৰা হৈছে। সামাজিক মাধ্যমৰ জৰিয়তে গুজব আৰু ভুল তথ্য প্ৰচাৰ ৰোধ কৰাৰ উদ্দেশ্যেই ইণ্টাৰনেট বন্ধ কৰাৰ সিদ্ধান্ত লোৱা হৈছে।
মুখ্যমন্ত্ৰীয়ে এই ঘটনাক কঠোৰ ভাষাৰে নিন্দা কৰি কয় যে দোষীসকলক চিনাক্ত কৰি আইনৰ অধীনত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। লগতে জনসাধাৰণক শান্তি বজাই ৰাখিবলৈ আৰু গুজৱত বিশ্বাস নকৰিবলৈ আহ্বান জনোৱা হৈছে।
ডিজিটেল ডেস্ক, ৭ এপ্ৰিল