নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তিতাবৰত গৌৰৱ গগৈ-ৰাহুল গান্ধীক তীব্ৰ আক্ৰমণ মুখ্যমন্ত্ৰীৰ

# গৌৰৱ গগৈক বটদ্ৰৱাত শপত খোৱাৰ পুনৰ চেলেঞ্জ # কংগ্ৰেছক লক্ষ্য কৰি কটাক্ষ, ৰাহুল গান্ধীক পাগল আখ্যা

ভাৰতৰ বাহিৰত সম্পত্তি নাই বুলি গীতা-ভাগৱত চুই শপত খোৱাৰ বাবে দিয়া অপেন চেলেঞ্জ গ্ৰহণ কৰিবলৈ সক্ষম নহ’ল গৌৰৱ গগৈ। মুখামুখিকৈ মুখ্যমন্ত্ৰীৰ চেলেঞ্জ গ্ৰহণ কৰাৰ পৰা বিৰত থকা গৌৰৱ গগৈক লৈ আজি পুনৰ তিতাবৰত মন্তব্য কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।

শৰ্মাই কয় যে কেমেৰাত কোনোবাই শপত খাই নেকি ? সন্মুখত ভগবান নথকা শপতৰ কি মুল্য আছে ? মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মভূমিত দুয়োজনে সেৱা কৰি যদি গীতা-ভাগৱতত ধৰি শপত খাই, তেতিয়া লাভ আছে। তেওঁ কেমেৰাত গীতাই ধৰি আছেনে, আন‌ কি ধৰি আছে কেনেকে গম পাম?

এই বিলাকে নিজেই চেলেঞ্জ দি নিজেই ৰাখিব নোৱাৰে। শংকৰদেৱৰ জন্মভূমিত কৈ প্ৰভাৱী স্থান ক’তোৱেই নাই। বতদ্ৰৱাত সোমাই আঠু ল’লে মিছা কথা ক’বলৈ ল’লেও সঁচা ওলাই যায়। বটদ্ৰৱাত শপত খাবলৈ গৌৰৱ গগৈক পুনৰ চেলেঞ্জ দিয়ে মুখ্যমন্ত্ৰীয়ে।

ইফালে, পৱন খেৰাৰ পলায়নৰ সন্দৰ্ভত সোধা প্ৰশ্নত মুখ্যমন্ত্ৰীয়ে কয় যে পৱন খেৰা হাইদৰাবাদ পলালে। গৌৰৱ গগৈৰ লগত তেওঁ প্ৰেছ কনফাৰেন্সত লেকচাৰ দিলে যে তেওঁক গ্ৰেপ্তাৰ কৰি দেখাওক। যেতিয়া গ্ৰেপ্তাৰ কৰিবলৈ নহয়, মাত্ৰ সুধিবলৈ চালে তেতিয়া কালি ৰাতিপুৱা ৬ বজাত দিল্লী গ’ল আৰু ৰাতি হাইদৰাবাদ গুচি গ’ল।

কাৰণ তেলেংগানাত কংগ্ৰেছৰ চৰকাৰ আছে। তিতাবৰৰ ৰাজনৈতিক পৰিস্থিতিৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে ৰসিকতাৰে কয় যে তিতাবৰত চিপৰাং আছে, থাকিবই। সেইটো মই মুক্তি কৰিব নোৱাৰোঁ। তাৰ মাজত যদি ধীৰাজ গোৱালা ওলাই যায়, তাৰ কপালখন ভাল।

চিপাৰাঙৰ নামো জানো বুলি কোৱাৰ লগতে যুঁজ এইবাৰ ভাস্কৰজ্যোতি বৰুৱা আৰু ধীৰাজ গোৱালা মাজত হ’ব, কংগ্ৰেছ নাই, কংগ্ৰেছ শেষ বুলি বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে। ৰাহুল গান্ধীয়ে গোলাঘাটৰ কংগ্ৰেছৰ সভাত মুখ্যমন্ত্ৰীক ‘বকাসুৰ’ বুলি কোৱাৰ সন্দৰ্ভতো মুখ্যমন্ত্ৰীয়ে কয় যে ৰাহুল গান্ধীয়ে বকাসুৰ মানে কি বুজি‌ পায়নে? একো বুজিয়েই নাপাই।

ৰাহুল গান্ধীক পাগল আখ্যা দি মুখ্যমন্ত্ৰীয়ে কয় যে ৰাহুল গান্ধী এটা ‘ক্ৰেকপট’। ৰাহুল গান্ধীৰ সাজ-পোছাক, কেতিয়াবা হাঁহে, চকু টিপিয়াই এইবোৰ দেখিলেই‌ লাগে এইটো এটা ‘মেন্টেল কেচ’।

পৱন খেৰাৰ পিছত আৰু জালত পৰিব নেকি বুলি সোধা প্ৰশ্নত মুখ্যমন্ত্ৰীয়ে কয় যে আৰু বহুত জালত পৰিব। এটা প্ৰৱঞ্চকৰ দলে এই কাগজখিনি তেওঁলোকক দেখুৱালে। কেনেবাকৈ মান্তি কৰাই ১০০ কোটি টকা লৈ পলাল।

এতিয়া কংগ্ৰেছে মানুহকেইটাক বিচাৰি আছে। ৱেবচাইটত দেখুৱাই দিলে সকলো কোম্পানী আছে। কংগ্ৰেছে সঁচা বুলি ভাবিলে। কিন্তু ১৯৯ ডলাৰ দিলে যে সবেই ফৰ্ম কৰিব পাৰে কথাটো তেওঁলোকে পৰীক্ষা নকৰিলে।

পাছপৰ্টবিলাকৰ ইংৰাজী বিলাক ঠিকে থাকিলে কিন্তু আৰবীক খিনি তেওঁলোকে শুদ্ধ নকৰিলে। যেতিয়া আৰবীক খিনি চাটজিপিটিত দিয়া হ’ল তেতিয়াহে নিমিলা অনুবাদখিনি আহিছে। সৰু ল’ৰায়ো ইমান কেচা কাম নকৰে। কংগ্ৰেছ পাৰ্টিৰ মালিক এটা পাগল। ৰাহুল গান্ধী পোৰা ‘ক্ৰেকপট’। ই মাত্ৰ লুঙি ধুটিৰ পাৰ্টি বুলি কটাক্ষ কৰে মুখ্যমন্ত্ৰীয়ে।

নিয়মীয়া বাৰ্তা, তিতাবৰ, ৭ এপ্ৰিল

You might also like