নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উত্তৰ কৰিমগঞ্জত ১১ এপ্ৰিলত পুনঃভোটগ্ৰহণ

কাইলৈ উত্তৰ কৰিমগঞ্জত পুনঃভোটগ্ৰহণ অনুষ্ঠিত হ’ব। কাইলৈ (১১ এপ্ৰিল) পুৱা ৭ বজাৰ পৰা আৰম্ভ হ’ব ভোটগ্ৰহণ প্ৰক্ৰিয়া।

জানিব পৰা মতে, উত্তৰ কৰিমগঞ্জৰ বেবীলেণ্ড ইংলিছ হাইস্কুলৰ এটা ভোটকেন্দ্ৰত এই পুনঃভোটগ্ৰহণ অনুষ্ঠিত কৰা হ’ব।

উল্লেখযোগ্য যে কালিৰ দিনটোত ভোটগ্ৰহণ চলি থকা সময়ত উক্ত ভোটকেন্দ্ৰটোত খেলিমেলিৰ ঘটনা সংঘটিত হৈছিল। ভোটগ্ৰহণৰ সময়ত উক্ত কেন্দ্ৰটোত ৰিগিঙৰ অভিযোগ উত্থাপন হৈছিল। ইয়াকে লৈ ভোটকেন্দ্ৰটোত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল।

পৰৱৰ্তী সময়ত বিষয়টো গুৰুত্বসহকাৰে গ্ৰহণ কৰি নিৰ্বাচনী কৰ্তৃপক্ষই উক্ত ভোটকেন্দ্ৰত পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। পুনঃভোটগ্ৰহণৰ সময়ত কঠোৰ নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি জানিব পৰা গৈছে।

ডিজিটেল ডেস্ক, ১০ এপ্ৰিল

You might also like