নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মেট্ৰিকৰ ফলাফলত বিফলতাৰ হেটট্ৰিক ৰামপুৰ বালিকা হাইস্কুলৰ

বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী ৬গৰাকী, পৰীক্ষাৰ্থী মাত্ৰ ৫গৰাকী। পিছে ফলাফল আকৌ ‘শূন্য’! নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত ৰামপুৰ বালিকা হাইস্কুলৰ পুনৰবাৰ একেৰাহে তৃতীয়বাৰৰ বাবে হাইস্কুল শিক্ষান্ত পৰীক্ষাত এইখন বিদ্যালয়ে লাভ কৰিছে শূন্য শতাংশ ফলাফল।

বিদ্যালয়খনৰ বিফলতা এতিয়া এক পৰম্পৰাত পৰিণত হৈছে। এইবেলি হাইস্কুল শিক্ষান্ত পৰীক্ষাত বিদ্যালয়খনৰ পৰা ৫গৰাকী ছাত্ৰী অৱতীৰ্ণ হৈছিল যদিও এগৰাকীও উত্তীৰ্ণ হ’বলৈ সক্ষম নহ’ল।

বিগত বৰ্ষতো ৮গৰাকী ছাত্ৰীৰ ভিতৰত এগৰাকীও উত্তীৰ্ণ হব নোৱাৰিলে। আনহাতে ​তাৰ আগৰ বৰ্ষতো ১৭গৰাকীৰ ভিতৰত উত্তীৰ্ণৰ হাৰ শূন্য। বিদ্যালয়খনত বৰ্তমান ৬গৰাকীকৈ শিক্ষক-শিক্ষয়িত্ৰী কৰ্মৰত হৈ আছে। যিখন বিদ্যালয়ত ছাত্ৰীতকৈ শিক্ষকৰ সংখ্যা বেছি, সেইখন বিদ্যালয়ত একেৰাহে তিনি বছৰ কেনেকৈ ফলাফল শূন্য হ’ব পাৰে, তাক লৈ সচেতন মহলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

শকত অংকৰ চৰকাৰী দৰমহা লৈ থকাৰ পাছতো শিক্ষকসকলে বিদ্যালয়খনত আচলতে কৰিছে কি? তাক লৈও এতিয়া প্ৰশ্ন উঠিছে। বিদ্যালয়খনৰ বিৰূদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছে বৰক্ষেত্ৰী আঞ্চলিক ছাত্ৰ সন্থাই।

নিয়মীয়া বাৰ্তা, মুকালমুৱা, ১০ এপ্ৰিল

You might also like