নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৫৫টা সমষ্টিত বিজয় সংকল্প সভা, ১০টা ৰোড শ্ব’ত অংশগ্ৰহণ মুখ্যমন্ত্ৰীৰ

ৰাজ্যত অভিলেখসংখ্যক ভোটদানৰ পিছতেই পৰৱর্তী চৰকাৰ গঠনৰ দাবী তুলি ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ মন্তব্য– গাঁও–চহৰৰ ৰাইজে এইবাৰ হিলদ’ল ভাঙি দিয়া ভোট বিজেপিৰ পক্ষত আছে৷

উল্লেখ্য যে পূর্বৰ অভিলেখ ভংগ কৰি ২০২৬ৰ বিধানসভা নির্বাচনত ৮৫.৯১ শতাংশ ভোটদান হয়৷ এই ভোটদানক লৈ যথেষ্ট উৎসাহী হৈ পৰা ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই দলৰ ১০০ শতাংশ জয়ৰ সম্ভাৱনাৰ কৃতিত্ব মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ বুলি দাবী কৰে৷

সভাপতি শইকীয়াই মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ অপৰিসীম পৰিশ্রমৰ তথ্য দাঙি ধৰি কয়– সততে ৰাইজৰ মাজত থাকি ভাল পোৱা মুখ্যমন্ত্রী ড০ শর্মাই এইবাৰ জন আশীর্বাদ যাত্রা আৰম্ভ কৰা প্রচাৰে নির্বাচনী পৰিৱেশ সলনি কৰি দিছিল৷

তেওঁ কয়– নির্বাচন আহিলেই সদায়েই সক্রিয় ৰাজনৈতিক নেতা হিচাপে ৰাইজৰ ওচৰত থিয় দিয়া মুখ্যমন্ত্রীয়ে এইবাৰ ১ মার্চৰ পৰা ৯ মার্চলৈ বিজয় সংকল্প সভাৰ প্রথম পর্যায় ৩২টা বিধানসভা সমষ্টিক সাঙুৰি লৈছিল৷

আনহাতে ২৫ মার্চৰ পৰা অসমত ৫৫টা সমষ্টিত বিজয় সংকল্প সভা অনুষ্ঠিত কৰাৰ লগতে ১০টাকৈ ৰোডশ্ব’ত অংশ লৈছিল৷ আনহাতে প্রাক্তন মুখ্যমন্ত্রী তথা কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে ৩৪খনকৈ নির্বাচনী সভাত অংশগ্রহণ কৰিছিল৷ সভাপতি শইকীয়াই ৩৪খন সভাত অংশগ্রহণ কৰাৰ লগতে ৬টাকৈ ৰোডশ্ব’ত অংশগ্রহণ কৰিছিল৷

ডিজিটেল ডেস্ক, ১১ এপ্ৰিল

You might also like