নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মেৰমুখ ফান্দিবাৰীত সন্মিলিত যুৱ সমাজৰ বিহু কৰ্মশালাৰ সামৰণি

নিয়মীয়া বাৰ্তা, নাৰায়ণপুৰ, ১২ এপ্রিল : অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহুক আদৰিবলৈ প্ৰস্তুত হৈছে গাঁও-নগৰ-চহৰৰ প্ৰতিগৰাকী অসমীয়া। গছে ন-কুঁহিপাত মেলাৰ সময়তে দূৰৈৰ গছৰ ডালত কুলিয়েও বিনাবলৈ আৰম্ভ কৰিলে। কপৌফুল, তগৰ, চম্পা আদি নানা বৰণীয়া ফুলবোৰো ফুলি চৌপাশে সুবাস বিলোৱা এই ব’হাগৰ বতৰত ডেকা-গাভৰুৰ মনবোৰ উৎফুল্লিত হৈ পৰে।

বাপতিসাহোন ৰঙালী বিহুৰ পৰম্পৰা অনুসৰি লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ সমীপৰ মেৰমুখ অঞ্চলৰ ফান্দিবাৰী সন্মিলিত যুৱ সমাজৰ উদ্যোগত যোৱা ৫ এপ্রিলৰ পৰা সপ্তাহজোৰাকৈ এক বিহুনৃত্য কৰ্মশালা অনুষ্ঠিত কৰে। অঞ্চলটোৰ সৰু বিহুৱতী, মৌ কুঁৱৰী, জেংবিহুৰ বিহুৱতীসকলে অংশগ্রহণ কৰে। কৰ্মশালাত প্ৰশিক্ষণ আগবঢ়ায় কলাবাৰীৰ সীমান্ত হাজৰিকা আৰু নাৰায়ণপুৰৰ পাপৰি বৰাই। স্থানীয় যুৱ সাংবাদিক নিৰঞ্জন বৰুৱাই আঁত ধৰা সামৰণী অনুষ্ঠানত বয়োজ্যেষ্ঠা মহিলা তথা প্ৰাক্তন বিহুৱতী মীনা হাজৰিকাই বিহুনাম পৰিৱেশন কৰি পৰিৱেশ আনন্দময় কৰি তোলে।

ফান্দিবাৰী সন্মিলিত যুৱ সমাজৰ সভাপতি দিগন্ত হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত সামৰণী অনুষ্ঠানত নাৰায়ণপুৰ প্ৰেছ ক্লাবৰ প্ৰাক্তন সভাপতি জগত গগৈ, সম্পাদক চন্দন শইকীয়া, প্ৰশিক্ষক পাপৰি বৰাই যুৱ সমাজৰ এনে প্ৰচেষ্টাৰ শলাগ লয়। অনুষ্ঠানত জেংবিহু দলে জেং বিহু আৰু সমূহীয়া বিহু প্ৰদৰ্শন কৰে। কৰ্মশালা সফল কৰি তোলা বাবে সকলোকে যুৱ সমাজৰ সম্পাদক মৃণাল বৰাই ধন্যবাদ জ্ঞাপন কৰে। প্ৰশিক্ষাৰ্থীসকলক অনুষ্ঠানত প্ৰমাণ পত্র প্ৰদান কৰা হয়।

You might also like