নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লখিমপুৰ কেন্দ্রীয় ৰঙালী বিহু সন্মিলনৰ লাইখুঁটা স্থাপন

বিশেষ বাৰ্তা, লখিমপুৰ, ১২ এপ্রিল : পৰম্পৰা, সংস্কৃতি আদি দিশত ছয় দশকৰো অধিক কাল এক সুকীয়া গৌৰৱোজ্জ্বল ধাৰাৰ বাহক ৰূপে চিনাকি আছে লখিমপুৰ কেন্দ্রীয় ৰঙালী বিহু সন্মিলনৰ। প্ৰতিবছৰে ব্যতিক্রমী কাৰ্য্যসূচীৰে  গৌৰৱোজ্বলভাৱে লখিমপুৰ ৰঙালী বিহু সন্মিলনে সময় বলুকাত ঐতিহ্য খোদিত কৰি আহিছে।

এইবাৰ ৬৮ সংখ্যক ৰঙালী বিহু সন্মিলনখনৰ আজি লাইখুঁটা স্হাপন কৰা হয়। সন্মিলনৰ স্থায়ী সভাপতি উদয় শংকৰ হাজৰিকা, উদযাপন সমিতিৰ সভাপতি ড০ বিমান চন্দ্র চেতিয়া, কাৰ্য্যকৰী  সভাপতি ড০ লোহিত হাজৰিকাকে ধৰি দেৱজিৎ মজুমদাৰ, অজিত বুঢ়াগোহাঁই, যদুমণি বৰুৱাসহ বিষয়ববীয়াসকলৰ লগতে স্হানীয় ৰাইজ, যুৱক-যুৱতী, বিহুৱা, নাচনী আদিৰ অংশগ্রহণেৰে এক বিহুবলিয়া পৰিৱেশত লাইখুঁটা স্হাপন কৰা হয়। অহা ২৮ এপ্ৰিলৰ পৰা পাঁচদিনীয়াকৈ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত এই সন্মিলনখন অনুষ্ঠিত হ’ব। প্ৰতিবছৰৰ দৰে এইবাৰো সন্মিলনৰ তৰফৰ পৰা নগৰৰ সমীপৰ পাঁচনৈ অঞ্চলত স্হানীয় ৰাইজৰ সহযোগত গৰু বিহু উদযাপন কৰা হ’ব।

সন্মিলনৰ স্থায়ী সভাপতি উদয় শংকৰ হাজৰিকা আৰু উদযাপন সমিতিৰ কাৰ্য্যকৰী সভাপতি ড০ লোহিত হাজৰিকাই এই সন্দৰ্ভত কয়- এইবাৰ লখিমপুৰ কেন্দ্রীয় ৰঙালী বিহু সন্মিলনখন পাঁচদিনীয়াকৈ আয়োজন কৰা হৈছে। সন্মিলনৰ চতুর্থ দিনটো সুধাকন্ঠ ড০ ভূপেন হাজৰিকাৰ নামত আৰু পঞ্চম দিনটো জুবিন গাৰ্গৰ নামত উৎসৰ্গা কৰা হ’ব। ব্যতিক্রমী হ’ব এইবাৰৰ সাংস্কৃতিক সন্ধিয়াৰ কাৰ্য্যসূচী। বিগত বছৰৰ দৰে এইবাৰ কোনো নামী-দামী শিল্পীক সাংস্কৃতিক সন্ধিয়াৰ কাৰ্য্যসূচীলৈ আমন্ত্রণ জনোৱা নহয়। বিপৰীতে স্হানীয় শিল্পীৰ গীতৰ শৰাইৰে সাংস্কৃতিক সন্ধিয়াৰ কাৰ্য্যসূচী অনুষ্ঠিত কৰা হ’ব।

 উল্লেখ্য যে সন্মিলনৰ উদ্যোগত এখন বিহু কৰ্মশালা আয়োজন কৰা হৈছিল। আজি সমাপ্ত হোৱা উক্ত কৰ্মশালাত অংশগ্রহণকাৰীসকলক মানপত্ৰ প্ৰদান কৰা হয়। লাইখুঁটা স্হাপন উপলক্ষে সমবেত সকলোৱে বিহু নাচি আপোন পাহৰা হৈ পৰে। এক বিহুবলিয়া পৰিৱেশ সৃষ্টি হয় বিহু সন্মিলনৰ বাকৰিত। উদ্যোক্তাসকলে লখিমপুৰ কেন্দ্রীয় ৰঙালী বিহু সন্মিলনৰ গৌৰৱময় ধাৰা এইবাৰো অক্ষুণ্ণ ৰাখিবলৈ সকলোৰে সহযোগিতা কামনা কৰিছে।

You might also like