নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পৱন খেৰাৰ জামিনৰ বিৰুদ্ধে ছুপ্ৰিম কোৰ্টৰ দ্বাৰস্থ অসম চৰকাৰ

কংগ্ৰেছ নেতা পৱন খেৰাক তেলেঙ্গানা উচ্চ ন্যায়ালয়ে প্ৰদান কৰা এক সপ্তাহৰ ট্রানজিট জামিনৰ আদেশৰ বিৰুদ্ধে ছুপ্ৰিম কৰ্টৰ দ্বাৰস্থ হৈছে অসম চৰকাৰ। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ বিৰুদ্ধে উত্থাপন কৰা অভিযোগ সন্দৰ্ভত এই আইনী পদক্ষেপ গ্ৰহণ কৰা হৈছে।

উল্লেখযোগ্য যে, তেলেঙ্গানা উচ্চ ন্যায়ালয়ে শুকুৰবাৰে (১০ এপ্ৰিল) কংগ্ৰেছ নেতা পৱন খেৰাক এক সপ্তাহৰ বাবে ট্রানজিট জামিন প্ৰদান কৰিছিল। আদালতে তেওঁক এই সময়ছোৱাত সংশ্লিষ্ট আদালতত নিয়মীয়া আগতীয়াকৈ জামিনৰ আবেদন দাখিল কৰাৰ অনুমতি প্ৰদান কৰে। ন্যায়াধীশ কে সুজনে নিজৰ আদেশত উল্লেখ কৰে যে আবেদনকাৰী পৱন খেৰাক সংশ্লিষ্ট আদালতত আবেদন দাখিল কৰিবলৈ এক সপ্তাহ সময় দিয়া হৈছে।

উল্লেখযোগ্য যে পৱন খেৰাই মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ বিৰুদ্ধে কেইবাটাও ভিত্তিহীন অভিযোগ উত্থাপন কৰিছিল। তেওঁ অভিযোগ কৰিছিল যে ৰিণিকি ভূঞা শৰ্মাৰ ইউএই, ইজিপ্ত আৰু এণ্টিগুৱা এণ্ড বাৰ্বুডাৰ নাগৰিকত্ব আৰু সক্ৰিয় পাছপ’ৰ্ট আছে। লগতে তেওঁ ডুবাই আৰু আমেৰিকাত সম্পত্তি থকাৰ অভিযোগো কৰিছিল।

এই অভিযোগসমূহক সম্পূৰ্ণভাৱে অস্বীকাৰ কৰি ৰিণিকি ভূঞা শৰ্মাই কৈছিল যে উক্ত নথিপত্ৰসমূহ সম্পূৰ্ণ ভুৱা আৰু ডিজিটেল হেৰফেৰ কৰি প্ৰস্তুত কৰা হৈছে। এই সন্দৰ্ভত তেওঁ অসম আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চত পৱন খেৰাৰ বিৰুদ্ধে এক এফআইআৰ দাখিল কৰিছিল।

ইয়াৰ পিছতে অসম আৰক্ষীয়ে পৱন খেৰাৰ বিৰুদ্ধে জালিয়াতি আৰু অপৰাধমূলক ষড়যন্ত্ৰৰ অভিযোগত গোচৰ ৰুজু কৰে। মুখ্যমন্ত্ৰী ড০ শৰ্মায়ো এই অভিযোগসমূহক ‘অসৎ উদ্দেশ্যপ্ৰণোদিত, মিছা আৰু ৰাজনৈতিক প্ৰেৰণাৰে কৰা’ বুলি অভিহিত কৰি কংগ্ৰেছ নেতাজনৰ বিৰুদ্ধে আৰক্ষী অভিযোগ আৰু মানহানিৰ গোচৰ দাখিল কৰাৰ হুংকাৰ দিছিল।

এই পৰিস্থিতিত তেলেঙ্গানা উচ্চ ন্যায়ালয়ে প্ৰদান কৰা সাময়িক স্বস্তিৰ বিৰুদ্ধে অসম চৰকাৰে ছুপ্ৰিম কৰ্টত আপীল দাখিল কৰাত ঘটনাটোত নতুন মোৰ আহিছে। এতিয়া এই বিষয়ত ছুপ্ৰিম কৰ্টৰ পৰৱৰ্তী সিদ্ধান্তৰ দিশে সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে।

ডিজিটেল ডেস্ক, ১৩ এপ্ৰিল

You might also like