নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পদূলিত হেঁপাহৰ ৰঙালী : বাপতিসাহোন ৰঙালীক আদৰিবলৈ সাজু ৰাজ্যবাসী

পদূলিমুখত অসমীয়া সমাজৰ আটাইতকৈ হেঁপাহৰ উৎসৱ বাপতি সাহোন ৰঙালী বিহু। ৰাজ্যৰ চৌদিশে এতিয়া ঢোল, পেঁপা, গগনা আৰু কুলি-কেতেকীৰ মাতত মুখৰিত হৈ উঠিছে গাঁও-চহৰ। বিহুক আদৰিবলৈ সাজু হৈছে প্ৰতিগৰাকী অসমীয়া। গাঁৱৰ চোতালৰ পৰা আৰম্ভ কৰি মঞ্চ বিহুলৈকে এতিয়া দেখা গৈছে ব্যাপক ব্যস্ততা।

ধুবুৰীৰ বিলাসীপাৰাতো ইয়াৰ কোনো ব্যতিক্ৰম দেখা নগ’ল। বিলাসীপাৰাৰ উদমাৰী গাঁৱৰ ‘বৰলুইত’ নামৰ বিহুৱা দলে এমাহজোৰা আখৰা চলাই এতিয়া সম্পূৰ্ণ সাজু হৈ উঠিছে। এইবাৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হ’বলগীয়া মঞ্চ আৰু মুকলি বিহুত অংশগ্ৰহণ কৰিবলৈ ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে দলটোৱে। সন্ধিয়া নামিলেই গাঁৱৰ গছৰ তলত ঢোল-পেঁপাৰ মাতত গুমগুমাই উঠে পৰিৱেশ।

ইফালে কোচ ৰাজবংশী জনগোষ্ঠীৰ মাজতো বিহুক “বিষুৱা” হিচাপে আদৰাৰ ব্যাপক প্ৰস্তুতি চলিছে। উত্তৰ শালমাৰা টিলাপাৰাত কোচ ৰাজবংশী সাংস্কৃতিক প্ৰকল্পৰ উদ্যোগত কুশান, গোৱালিনী আৰু হুদুম নৃত্যৰ প্ৰশিক্ষণ চলি আছে। এই নৃত্যসমূহৰ জৰিয়তে পৰম্পৰা আৰু সংস্কৃতি নতুন প্ৰজন্মৰ মাজত জীয়াই ৰখাৰ চেষ্টা চলাইছে আয়োজকসকলে।

দৰঙ জিলাৰ মঙ্গলদৈতো দেখা গৈছে বিহুক লৈ ব্যাপক উৎসাহ। এখন ব্যক্তিগত বিদ্যালয়ে প্ৰতি বছৰৰ দৰে এই বছৰো বাৰ্ষিক উৎসৱৰ লগত প্ৰাক-বিহু উদযাপন কৰিছে। মঙ্গলদৈ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীসকলে পৰিবেশন কৰা বিহু নৃত্য, সত্ৰীয়া নৃত্য আৰু সৃজনীমূলক নৃত্যই দৰ্শকৰ মন মুহি পেলায়।

ব’হাগ বুলিলেই অসমীয়াৰ দেহ-মন উতলা হৈ উঠে। ডিমৌৰ দীঘলীয়া হোলা গাঁৱৰ চেমনীয়া, যুৱক-যুৱতীসকলেও এইক্ষেত্ৰত পিছ পৰি থকা নাই। আদৰৰ বিহুটিত গাঁৱৰ ঘৰে-ঘৰে গৈ আশীৰ্বাদ জনোৱাৰ বাবে ইতিমধ্যে সাজু হৈছে হুঁচৰি দলসমূহ। একে সময়তে ধেমাজিৰ ন-নদী ভেবেলী অঞ্চলৰ বজ্ৰধ্বনি হুঁচৰি বিহু দলেও অন্তিম আখৰাত ব্যস্ত হৈ পৰিছে।

গ্ৰাম্যাঞ্চলত এতিয়াও জীয়াই আছে বহু পৰম্পৰাগত দৃশ্য। ধিঙৰ বৰভেটি সোণাৰিগাঁৱত জীয়ৰী-বোৱাৰীসকলে বজাৰত উপলব্ধ মেহেন্দীৰ পৰিৱৰ্তে বাৰীৰ জেতুকা ছিঙি সমূহীয়াভাৱে লগাই পৰম্পৰা অটুট ৰাখিবলৈ চেষ্টা চলাইছে। খোপাত কপৌ ফুল আৰু হাতত জেতুকা লৈ বিহু নাচিবলৈ এতিয়া ব্যস্ত হৈ পৰিছে তেওঁলোক।

গোলাঘাট জিলাৰ চাৰিঙ্গীয়া অঞ্চলতো চাৰিঙ্গীয়া হাঁচতি সন্মিলন বিহু দলে ১০ দিনীয়া প্ৰশিক্ষণৰ অন্তত সম্পূৰ্ণ সাজু হৈছে। গাঁওত হুঁচৰি গোৱাৰ লগতে ৰাজ্যৰ বিভিন্ন মঞ্চত অংশগ্ৰহণ কৰিব এই দলটোৱে। যোৰহাটতো ‘অংকুৰণ’ নামৰ হুঁচৰি দলে পুৰণি পৰম্পৰা নৱপ্ৰজন্মৰ মাজত জীয়াই ৰাখিবলৈ ব্যস্ত হৈ পৰিছে। গামোচা, পিঠা-পনা প্ৰস্তুতিৰ লগতে ঢোলৰ চাপৰত কঁকাল ভাঙিবলৈ সাজু হৈছে নাচনীসকল।

কলিয়াবৰ, হাজো, খুমটাই আদি অঞ্চলতো দেখা গৈছে ব্যাপক প্ৰস্তুতি। হাজোৰ ৰামদিয়াত হাজো আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত বিহু নাচ আৰু ঢোল বাদনৰ আখৰা অনুষ্ঠিত হৈছে। দহদিনীয়া এই আখৰাত ডেৰশতাধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে। পৰম্পৰাগত বিহুক শুদ্ধ ৰূপত সংৰক্ষণ কৰাৰ লক্ষ্যৰে এই আয়োজন কৰা হৈছে। তীৰ্থনগৰী হাজোৰ ৰামদিয়াত হাজো আঞ্চলিক ছাত্র সন্থাৰ উদ্যোগত আৰু ৰামদিয়া শাখা ছাত্ৰ সন্থা, বিনন্দি চন্দ্ৰ মেধি মহাবিদ্যালয়ৰ সহযোগত মহাবিদ্যালয়ৰ প্ৰাঙ্গনত অনুষ্ঠিত হৈছে বিহু নাচ আৰু ঢোল বাদনৰ আখৰা। দহদিনীয়াকৈ অনুষ্ঠিত বিহু নাচৰ আখৰাত ডেৰশতাধিক প্ৰশিক্ষাৰ্থীয়ে অংশ গ্ৰহণ কৰিছে। প্ৰশিক্ষণ আগবঢ়াইছে লতাশিল বিহু কুৱৰী অনন্যা ফুকনে। ষষ্ঠ বৰ্ষৰ বাবে আয়োজন কৰা এই বিহুৰ আখৰাৰ জৰিয়তে বিহুক শুদ্ধ ৰূপত প্ৰশিক্ষণ আগবঢ়াই ইয়াক বিজতৰীয়া সংস্কৃতিয়ে যাতে গ্ৰাস কৰিব তাৰে এক ক্ষুদ্ৰ প্ৰয়াস কৰিছে হাজো আঞ্চলিক ছাত্র সন্থাই।

খুমটাইৰ যোগীবাৰী গ্ৰাম্য পৰ্যটন ক্ষেত্ৰত দেখা গৈছে এক অপূৰ্ব দৃশ্য। গাঁৱৰ উদ্যমী মহিলাসকলে তাঁতশালত বিহুৱান বৈ থকাৰ লগতে ঢেঁকীত পিঠাগুড়ি খুন্দি আৰু আখলত পিঠা-পনা প্ৰস্তুত কৰি বিহুক আদৰিবলৈ সাজু হৈছে। এই দৃশ্যই যেন গ্ৰাম্য সমাজৰ এখন সজীৱ ছবি দাঙি ধৰিছে। ৰঙালীৰ প্ৰাকমুহূৰ্তত খুমটাইৰ যোগীবাৰী গ্ৰাম্য পৰ্যটন ক্ষেত্ৰত দেখা গ’ল এক নান্দনিক দৃশ্য। য’ত প্ৰতিফলিত হ’ল গ্ৰাম্য সমাজৰ এখন অপূৰ্ব ছবি। যোগীবাৰীত কেইগৰাকীমান উদ্যমী মহিলাই বিহুক আদৰিবলৈ চলাইছে ব্যাপক প্ৰস্তুতি। কোনোৱে যদি তা‌ঁতশালত আদৰৰ বিহুৱান বৈছে কোনোৱে আকৌ ঢেঁকীত পিঠাগুড়ি খুন্দিছে ,আনফালে কেইবাগৰাকীও মহিলাই একেলগে আখলত পিঠা-পনা, লাড়ু আদি প্ৰস্তুত কৰাৰ কামত ব্যস্ত হৈ পৰা দেখা গৈছে।

ইফালে গোৱালপাৰাৰ লক্ষীপুৰৰ থৰ্কো-ৰংডোবা গাঁৱত বড়ো জনগোষ্ঠীৰ মাজতো বৈশাগু উৎসৱৰ অনুশীলন চলিছে। যুৱতী-বোৱাৰীসকল জাতীয় সাজ-পোছাক পৰিধান কৰি নৃত্য-গীতৰ আখৰাত ব্যস্ত হৈ পৰিছে। অহা ব’হাগত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব এই উৎসৱ।

নাজিৰাৰ সীমান্তৱৰ্তী পাখিমুৰীয়াত ‘ৰাংঢালী’ গাভৰু জেং বিহু দলেও নাহৰ গছৰ তলত আখৰা চলাই ৰঙালীক আদৰাৰ প্ৰস্তুতি চলাইছে। ওৰাঙতো বিহুনাম, পেঁপা আৰু গগনা নিৰ্মাণৰ কাম চলি আছে। জ্যেষ্ঠ বিহু কোঁৱৰ লুহিত হাজৰিকাই নিজ হাতে মহৰ শিঙৰ পেঁপা আৰু গগনা তৈয়াৰ কৰি নৱপ্ৰজন্মক শিকাই আছে।

ইফালে ৰাজ্যৰ বিভিন্ন গাঁৱত তাঁতশালত এতিয়া ব্যস্ততা তুঙ্গত। গাঁৱৰ বোৱাৰী-জীয়ৰীসকলে পৰিয়ালৰ সদস্য আৰু আত্মীয়-স্বজনক উপহাৰ দিবলৈ বিহুৱান বৈ অন্তিম পৰশ দিছে। বাক্সাৰ খাৰিজা বিজনীতো শিপিনীৰ এই ব্যস্ততা স্পষ্টকৈ লক্ষ্য কৰা গৈছে।

শিক্ষা প্ৰতিষ্ঠানসমূহতো বিহুক লৈ উচ্ছাহ দেখা গৈছে। শিৱসাগৰৰ এখন মহাবিদ্যালয়ত ব’হাগী আদৰণী অনুষ্ঠান উদযাপন কৰা হৈছে। ছাত্ৰ-ছাত্ৰীসকলৰ মাজতো বিহুক কেন্দ্ৰ কৰি বিশেষ উৎসাহ দেখা গৈছে।

মুঠতে, এতিয়া অসমৰ চৌদিশে কেৱল ঢোল-পেঁপাৰ মাত। সন্ধিয়া নামিলেই গাঁওসমূহত সৃষ্টি হৈছে এক মনোমোহা, নয়নাভিৰাম পৰিৱেশ। ডেকা-বুঢ়া, জীয়ৰী-বোৱাৰী সকলো মিলি হুঁচৰি আৰু বিহু আখৰাৰ মাজেৰে আনন্দ-উল্লাসত মত্ত হৈ উঠিছে।

এনেদৰে ৰাজ্যজুৰি চলা ব্যাপক প্ৰস্তুতি আৰু উৎসাহে স্পষ্টকৈ বুজাই দিছে যে অসমীয়া সমাজে নিজৰ পৰম্পৰা আৰু সংস্কৃতিক অটুট ৰাখি বাপতি সাহোন ৰঙালী বিহুটিক আদৰিবলৈ সম্পূৰ্ণ সাজু হৈ উঠিছে।

ডিজিটেল ডেস্ক, ১৩ এপ্ৰিল

You might also like