নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টেংকাৰৰ সৈতে তীৰ্থযাত্ৰী কঢ়িওৱা বাহনৰ মুখামুখি সংঘৰ্ষ, ৮জনৰ মৃত্যু

ডিজিটেল ডেস্ক, ১৬ এপ্ৰিল : অন্ধ্ৰপ্ৰদেশৰ কুৰ্ণুলত এখন টেংকাৰৰ সৈতে তীৰ্থযাত্ৰী কঢ়িওৱা বাহনৰ মুখামুখি সংঘৰ্ষত ৮জন লোকৰ মৃত্যু হৈছে। আন প্ৰায় ১২জন লোক আহত হৈছে। আৰক্ষীৰ সূত্ৰ অনুসৰি, তেওঁলোকৰ মাজৰ কেইবাজনৰো অৱস্থা সংকটজনক। বৃহস্পতিবাৰে পুৱাৰ ভাগতে ১৬৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এই দুৰ্ঘটনা সংঘটিত হয়।

আৰক্ষীয়ে জনোৱা মতে, কৰ্ণাটক-অন্ধ্ৰ সীমান্তৰ ওচৰত ধৰ্মপুৰ টোল প্লাজাৰ পৰা প্ৰায় ৮-৯ কিলোমিটাৰ দূৰৈত এই দুৰ্ঘটনা সংঘটিত হয়। খবৰ অনুসৰি, কিছু তীৰ্থযাত্ৰীক লৈ এখন বাহন মন্ত্ৰালয়ম গাঁৱৰ শ্ৰীৰাঘবেন্দ্ৰ স্বামী মঠলৈ গৈ আছিল। বাহনখনত মুঠ ২১গৰাকী তীৰ্থযাত্ৰী আছিল। বৃহস্পতিবাৰে পুৱাই ৰাষ্ট্ৰীয় ঘাইপথত তীৰ্থযাত্ৰী কঢ়িওৱা বাহনখনৰ বিপৰীত দিশৰ পৰা অহা এখন টেংকাৰৰ সৈতে মুখামুখি সংঘৰ্ষ হয়।

খবৰ পাই আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আহতসকলক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে। সংঘৰ্ষ ইমানেই ভয়ংকৰ আছিল যে ঘটনাস্থলীতে ৮জনৰ মৃত্যু হয়। মৃতসকলৰ ভিতৰত ৫গৰাকী মহিলা, ১টি শিশু আৰু ২জন পুৰুষ আছে। তেওঁলোক সকলো কৰ্ণাটকৰ বাসিন্দা। আহতসকলক কুৰ্ণুলৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আৰু কেইবাজনৰ অৱস্থা সংকটজনক। দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ সন্দৰ্ভত অনুসন্ধান কৰি থকা হৈছে বুলি আৰক্ষীয়ে জনাইছে।

You might also like