ভাৰতৰ উচ্চ সদন ৰাজ্যসভাৰ সাংসদ হিচাপে আজি অসমৰ তিনিগৰাকী সাংসদে শপত গ্ৰহণ কৰে। আজি ৰাজ্যসভাৰ সাংসদ ৰূপে শপত গ্ৰহণ কৰে যোগেন মহন, তেৰছ গোৱালা আৰু প্ৰমোদ বড়োৱে।
এই তিনিগৰাকী সাংসদে ৰাজ্যসভাত অসমৰ প্ৰতিনিধিত্ব কৰি ৰাজ্যখনৰ জনসাধাৰণৰ সমস্যা আৰু উন্নয়নমূলক বিষয়সমূহ বলিষ্ঠভাৱে উত্থাপন কৰিব বুলি আশা প্ৰকাশ কৰিছে বিভিন্ন মহলে।
ৰাজনৈতিক মহলত আশা কৰা হৈছে যে নতুন দায়িত্ব গ্ৰহণ কৰাৰ পিছত তেওঁলোকে অসম তথা সমগ্ৰ ভাৰতৰ স্বাৰ্থত কাম কৰি ৰাইজৰ বিভিন্ন সমস্যা সদনত তুলি ধৰি সমাধানৰ পথ উলিয়াবলৈ চেষ্টা কৰিব।
উল্লেখ্য যে বিজেপিৰ পৰা দুখন আসন ক্ৰমে যোগেন মহন আৰু তেৰছ গোৱালাই লাভ কৰি জয়ী হোৱাৰ বিপৰীতে তৃতীয়খন আসনত প্ৰমোদ বড়ো জয়ী হয়।
মন কৰিবলগীয়া যে তিনিখন খালী হোৱা আসন ক্ৰমে ভুবনেশ্বৰ কলিতা, ৰামেশ্বৰ তেলী আৰু অজিত কুমাৰ ভূঞাৰ আসনৰ বিপৰীতে নিৰ্বাচন অনুষ্ঠিত হৈছিল।
ডিজিটেল ডেস্ক, ১৬ এপ্ৰিল