মহানগৰীৰ ৯০স্থানত শাক-পাচলি বিক্ৰীৰ ব্যৱস্থা প্ৰশাসনৰ
পুৱা ৯ বজাৰ পৰা ২ বজালৈ সুলভ মূল্যত ক্ৰয় কৰিব পাৰিব ৰাইজে
নিয়মীয়া বাৰ্তা ৮ এপ্ৰিলঃ লকডাউনৰ মাজতে গুৱাহাটী বসবাস কৰা লোকসকলক সুলভ মূল্যত শাক-পাচলি যোগান ধৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে কামৰূপ(ম) জিলা প্ৰশাসনে। কৃষি মন্ত্ৰী অতুল বৰা আৰু খাদ্য অসামৰিক যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে বিভাগীয় বিষয়াসহ মঙলবাৰে পামহি কৃষি বিপণন পৰিষদৰ পাইকাৰী বজাৰ পৰিদৰ্শন কৰি ব্যৱসায়ীৰ সৈতে আলোচনাত মিলিত হৈ শাক পাচলিৰ মূল্য নিৰ্ধাৰণ কৰে। লকডাউৰ পৰিপ্ৰেক্ষিতত গুৱাহাটী মহানগৰীৰ উপভোক্তাৰ বাবে ধাৰ্য কৰা প্ৰতিকেজি পাচলিৰ মূল্য এনে ধৰণৰ ফুলকবি ১৮ টকা, বন্ধাকবি ১৩ টকা, গাজৰ ২৮ টকা, জাতিলাউ ১৮ টকা, জলকীয়া ৪৮ টকা, ভেণ্ডী ৩৮ টকা. ৰঙলাউ ২০ টকা, কোমোৰা ২২ টকা, তিতাকেৰেলা ৩৩ টকা, ফেন্সবিন ১৮ টকা, বিট ৩৮ টকা, বেঙেনা ১৮ টকা, তিয়ঁহ ১৮ টকা, স্কোৱাচ ১৫ টকা, পটল ৬০ টকা, নেমু(প্ৰতিটোত) ৬ টকা। ইয়াৰ পাছতে কামৰূম(ম) জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে লকডাউনৰ সময়ছোৱাত শাক-পাচলি বিক্ৰী সন্দৰ্ভত বিভাগীয় বিষয়াৰে এক আলোচনাত মিলিত হয়। পেগুৱে শাক-পাচলিৰ বিক্ৰীৰ বাবে মহানগৰীৰ ৯০টা স্থান নিৰ্ধাৰণ কৰে। উক্ত স্থানত পুৱা ৯ বজাৰ পৰা দিনৰ ২ বজালৈ সুলভ মূল্যত শাক-পাচলিৰ নিৰ্দেশ জাৰি কৰে। উক্ত সময়ছোৱাত ব্যৱসায়ীসকলে ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে লবলগীয়া স্বাস্থ্যসন্মত বিধি-বিধান আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতা ৰক্ষা কৰি চলিব লাগিব। গ্ৰাহকসকলেও সামাজিক দূৰত্ব বজাই ৰাখি শাক-পাচলি ক্ৰয় কৰিব লাগিব। পাচলি বিক্ৰীৰ সমগ্ৰ ব্যৱস্থাটো খাদ্য আৰু অসামৰিক যোগান আৰু বৈধ্য পৰিমাপ আৰু বিজ্ঞান বিভাগৰ বিষয়াসকলে তদাৰক কৰিব।