ডিজিটেল ডেস্ক, বাঘবৰ, ১৬ এপ্ৰিল : বৰপেটা জিলাৰ বৰপেটা সদৰ আৰক্ষী থানাৰ অধীনস্থ কপোহা চʼক বজাৰৰ পৰা বুধবাৰে সন্ধিয়া এটা ড্ৰাগছ সৰবৰাহকাৰী আটক হয়। উল্লেখ্য যে ৪নং ভাতকুছি গাঁও নিবাসী ছানোৱাৰ হুছেইন (৪২) নামৰ সৰবৰাহকাৰীজনে দীৰ্ঘদিন অঞ্চলটোত মাৰাত্মক ড্ৰাগছ সৰবৰাহৰ লগত জড়িত হৈ অহাৰ অভিযোগ উত্থাপিত হৈ আহিছিল।
সেই অভিযোগৰ ভিত্তিতেই যোৱানিশা আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি ছানোৱাৰ হুছেইন নামৰ সৰবৰাহকাৰীজনক হাতে-লোটে কপোহা চʼক বজাৰৰ নিজৰ হাৰ্ডৱেৰ দোকানৰ পৰা তিনি পেকেট সন্দেহযুক্ত হেৰʼইনসহ আটক কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে ছানোৱাৰ হুছেইনৰ পৰা জব্দ কৰা হেৰʼইনৰ পৰিমাণ ৩১.৬৯ গ্ৰাম। ধৃত ছানোৱাৰ হুছেইন এই প্ৰাণনাশী ড্ৰাগছৰ ৰমৰমীয়া বেহাৰ লগত জড়িত হৈ সামাজিক পৰিৱেশ কলুষিত কৰি অহাৰ অভিযোগ উত্থাপন হৈছে। অৱশ্যে আৰক্ষীয়ে তেওঁক জালত পেলোৱাত স্বাভাৱিকতেই আৰক্ষীক বৃহত্তৰ অঞ্চলটোৰ সচেতন ৰাইজে ভূয়সী প্ৰশংসা কৰা পৰিলক্ষিত হয়। সমান্তৰালকৈ আৰক্ষীয়ে জিম্মাত লোৱা ছানোৱাৰ হুছেইনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে।