ডিজিটেল ডেস্ক, মৰাণ, ১৬ এপ্ৰিল : “সাম্প্ৰতিক যান্ত্ৰিক যুগত সন্মান, মৰম-চেনেহ নাইকিয়া হোৱাৰ দৰেই হৈছে। আনকি কনিষ্ঠই জ্যেষ্ঠজনক সন্মান প্ৰদৰ্শন কৰিবলৈ পাহৰি যোৱাৰ দৰে জ্যেষ্ঠয়ো কনিষ্ঠক মৰম-চেনেহ কৰিবলৈ সময়ৰ অভাৱ হৈছে। এই ক্ষেত্ৰত অসমৰ জাতীয় অনুষ্ঠান অসম সাহিত্য সভাই যি পদক্ষেপ গ্ৰহণ কৰিছে, সেয়া আদৰণীয় আৰু প্ৰশংসনীয়। সময়ৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই কনিষ্ঠক জ্যেষ্ঠজনৰ লগত চিনাকি কৰাই দিয়াটো অসম সাহিত্য সভাৰ উপযুক্ত পদক্ষেপ হৈছে।”- মৰাণ শতদল শাখা সাহিত্য সভাই পহিলা ব’হাগত জনোৱা ওলগনি গ্ৰহণ কৰি শ্ৰীশ্ৰী কালশীলা সত্ৰৰ সত্ৰাধিকাৰ বিশিষ্ট নাট্যকাৰ, সমাজ সংগঠক চন্দ্ৰকান্ত মহন্তই এনেদৰে অসম সাহিত্য সভাৰ শলাগ লয়।
অসম সাহিত্য সভাই প্ৰতিবছৰে পহিলা ব’হাগত ৰাজ্যজুৰি পালন কৰা “নিজৰ দিন” এই বছৰো যোৱা ১৫ এপ্ৰিল (পহিলা ব’হাগ)ত মৰাণ শতদল শাখা সাহিত্য সভায়ো পালন কৰে । মৰাণ শতদল শাখা সাহিত্য সভাৰ সভাপতি অজিত চুতীয়া, উপ-সভাপতি সুনীল গগৈ আৰু সম্পাদক গিৰীণ চেতিয়াৰ নেতৃত্বত এটা দলে বৃহত্তৰ অঞ্চলটোৰ সাহিত্য-সংস্কৃতি, সমাজলৈ বিশেষ অৱদান আগবঢ়োৱা ১২গৰাকীকৈ ব্যক্তিৰ ঘৰে ঘৰে গৈ অসম সাহিত্য সভাৰ ওলগনি পত্ৰ, বিহুৱান, চেলেং চাদৰেৰে ওলগনি জনোৱাৰ লগতে গুৱাপাণৰ শৰাই আগবঢ়াই সেৱা লৈ আশীৰ্বাদ বিচাৰে।
বৃহত্তৰ মৰাণ অঞ্চলৰ ফটিকাছোৱা অভয়পুৰীয়া গাঁওস্থিত শ্ৰীশ্ৰী কালশীলা সত্ৰৰ সত্ৰাধিকাৰ চন্দ্ৰকান্ত মহন্ত, বিশিষ্ট উদ্যোগপতি, সমাজকৰ্মী তোলন বৰুৱা, প্ৰহ্লাদ টোডী, সাহিত্যিক সমাজকৰ্মী খগেন ভৰালী, মনমোহন চিক, ধীৰেন বৰুৱা, দীপালী চুতীয়া ফুকন, সুনন্দ মহন, বিৰজা লাহন শইকীয়া, পবিত্ৰ চুতীয়া, মিনতি গগৈ আৰু ৰাণু গগৈৰ বাসগৃহত উপস্থিত হৈ দলটোৱে অসম সাহিত্য সভাৰ হৈ অসমীয়া নতুন বছৰ তথা ৰঙালী বিহুৰ ওলগ জনায়।