নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পশ্চিমবংগত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত ড০ হিমন্ত বিশ্ব শৰ্মা

পশ্চিমবংগত নিৰ্বাচনী প্ৰচাৰৰ সময়ত কৰা কিছু মন্তব্যক কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। পশ্চিমবংগত অনুষ্ঠিত এক নিৰ্বাচনী সভাত তেওঁ অবৈধ অনুপ্ৰৱেশৰ বিষয়ত কঠোৰ মন্তব্য আগবঢ়ায়।

নির্বাচনী সভাত ভাষণ প্ৰদান কৰাৰ সময়ত মুখ্যমন্ত্ৰী ড০ শৰ্মাই অভিযোগ কৰি কয় যে “বাংলাদেশী মুছলমানে অসম আৰু পশ্চিমবংগক একেবাৰে খাই পেলাব” বুলি তেওঁ আশংকা প্ৰকাশ কৰে। তেওঁ লগতে দাবী কৰে যে অসমত অবৈধ অনুপ্ৰৱেশৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে।

তেওঁ ভাষণত আৰু কয় যে, “অসমত মই বাংলাদেশীৰ ঠেং একেবাৰে ভাঙি দিলো” বুলি উল্লেখ কৰি অবৈধ অনুপ্ৰৱেশ ৰোধৰ ক্ষেত্ৰত তেওঁৰ চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা বুলি দাবী কৰে। ইয়াৰ উপৰি তেওঁ কয় যে “এইবাৰ অসমত আমাৰ চৰকাৰ হ’লে বাংলাদেশীৰ ঠেং নহয়, জীৱনে ভাঙি পেলাম” বুলিও মন্তব্য কৰে।

মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ এই মন্তব্যই ৰাজনৈতিক মহলত ব্যাপক আলোচনা সৃষ্টি কৰিছে। অবৈধ অনুপ্ৰৱেশৰ বিষয়টো দীৰ্ঘদিন ধৰি অসম আৰু পশ্চিমবংগ দুয়োখন ৰাজ্যতেই এক গুৰুত্বপূৰ্ণ ৰাজনৈতিক বিষয় হিচাপে বিবেচিত হৈ আহিছে।

উল্লেখযোগ্য যে সীমান্তৱৰ্তী অঞ্চলসমূহত অবৈধ অনুপ্ৰৱেশ আৰু নাগৰিকত্বৰ বিষয়টো বহুদিন ধৰি ৰাজনৈতিক বিতৰ্কৰ কেন্দ্ৰবিন্দু হৈ আছে। এই প্ৰেক্ষাপটতে মুখ্যমন্ত্ৰীৰ এই মন্তব্যসমূহে আগন্তুক পশ্চিমবংগৰ নিৰ্বাচনী ৰাজনীতিত নতুন বিতৰ্কৰ সৃষ্টি কৰাৰ সম্ভাৱনা দেখা গৈছে।

উল্লেখ্য যে অসমৰ পিছত এইবাৰ পশ্চিমবংগত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈছে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। ৰাজ্যখনৰ বিভিন্ন অঞ্চলত অনুষ্ঠিত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি দলীয় প্ৰাৰ্থীৰ সমৰ্থনত প্ৰচাৰ চলাই আছে মুখ্যমন্ত্ৰীয়ে।

এই প্ৰেক্ষাপটতে আজি দক্ষিণ কোচবিহাৰ অঞ্চলত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। সভাখনত তেওঁ দলীয় প্ৰাৰ্থীৰ পক্ষত ভাষণ প্ৰদান কৰাৰ লগতে আগন্তুক নিৰ্বাচনত জনসাধাৰণক সমৰ্থন আগবঢ়াবলৈ আহ্বান জনায়।

উল্লেখযোগ্য যে পশ্চিম বংগত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনক লৈ ইতিমধ্যে তৎপৰ হৈ উঠিছে বিভিন্ন ৰাজনৈতিক দল। ৰাজ্যখনত নিৰ্বাচনী পৰিৱেশ ক্ৰমাৎ তীব্ৰ হৈ উঠাৰ মাজতে অসমৰ মুখ্যমন্ত্ৰীৰ এই প্ৰচাৰ কাৰ্যসূচীয়ে ৰাজনৈতিক মহলত বিশেষ গুৰুত্ব লাভ কৰিছে।

ডিজিটেল ডেস্ক, ১৬ এপ্ৰিল

You might also like