আজি ১৭ এপ্রিল, ব’হাগ মাহৰ ৩ তাৰিখ
শুকুৰবাৰ : তিথি–পূর্ণিমা, নক্ষত্র : পূর্বভাদ্রপদ, যাত্রা : নাই
মেষ : আজি সকলো দিশতেই উদাৰতা আৰু সংযম ৰক্ষা পৰিব৷ পানীৰ পৰা সাৱধান৷ ভ্রমণত শুভ৷ ব্যৱসায়ত সফলতা লাভ কৰিব৷ শুভ ৰং – কমলা, শুভ সংখ্যা – ৫।
বৃষ : আজি ধৈর্য, সাহসী আৰু মেধাৱী দিশ প্রকাশ পাব৷ কর্মসংস্থাপনৰ বাট মুকলি হ’ব৷ আর্থিক দিশত লাভ বৃদ্ধি৷ প্রেমত বাধা৷ শুভ ৰং– ৰূপালী, শুভ সংখ্যা–২।
মিথুন : আজি কর্মস্থানত শুভ৷ ঘৰুৱা দিশত চিন্তা বৃদ্ধি পাব৷ ব্যৱসায়ত খৰচৰ মাত্রা বৃদ্ধি পাব৷ মানসিক চিন্তা থাকিব৷ প্রেমত শুভ৷ বিদ্যাত বাধা৷ শুভ ৰং–মেৰুণ, শুভ সংখ্যা–৬।
কর্কট : আজি ধৈর্যৰ সুফল পাব৷ কোনো আত্মীয়ৰ সু–সংবাদ পাব৷ প্রভাৱশালী ব্যক্তিৰ সান্নিধ্যত উপকৃত হ’ব৷ বিদ্যাত অধিক মনোযোগৰ দৰকাৰ৷ শুভ ৰং – হালধীয়া, শুভ সংখ্যা –১।
সিংহ : আজি আর্থিকত কোনো নতুন সুযোগৰ আশা৷ শৰীৰৰ প্রতি যত্ন লোৱা উচিত। বন্ধুৰ পৰা উপকৃত হ’ব৷ প্রেমত বিবাহৰ যোগ৷ শুভ ৰং–ৰঙা, শুভ সংখ্যা–৫।
কন্যা : আজি দূৰ ভ্রমণৰ যোগ৷ সু–সংবাদ লাভ কৰিব৷ কর্মস্থানত মধ্যম ফল৷ শৰীৰ অশুভ৷ বিদ্যার্থীসকলে ভবা মতে ফল নাপাব৷ প্রেমত কষ্ট৷ শুভ ৰং–সেউজীয়া, শুভ সংখ্যা–৮।
তুলা : আজি যোগ্য ব্যক্তিৰ মান–সন্মান বৃদ্ধি৷ ৰাজহুৱা কামত ব্যস্ততা বৃদ্ধি৷ কর্মক্ষেত্রত মধ্যম ফল৷ শাৰীৰিক উন্নতি৷ প্রেমত আনন্দ৷ শুভ ৰং–বগা৷ শুভ সংখ্যা–৭।
বৃশ্চিক : আজি কর্মস্থানত শুভ যোগ৷ পাৰিবাৰিক কিছু সমস্যা থাকিব৷ বিদ্যাত মধ্যম৷ ব্যৱসায়ত লোকচানৰ সম্ভাৱনা৷ খৰচ বাঢ়িব৷ শুভ ৰং– গুলপীয়া, শুভ সংখ্যা–৩।
ধনু : আজি ব্যৱসায়ীসকলৰ শুভ৷ পাৰিবাৰিক অশান্তি৷ ভ্রমণত শুভ৷ যান–বাহনৰ পৰা সতর্ক থাকিব৷ প্রেমত মধ্যম ফল৷ শুভ ৰং – নীলা, শুভ সংখ্যা–২।
মকৰ : আজি মানসিক বা অযথা চিন্তাই মনৰ অশান্তি বৃদ্ধি কৰিব৷ কর্মক্ষেত্রত ব্যস্ততা বৃদ্ধি৷ ব্যৱসায়ত মধ্যম ফল৷ প্রেমত উৎসাহ৷ শুভ ৰং–বেঙুনীয়া শুভ সংখ্যা– ৯।
কুম্ভ : আজি হঠাৎ অর্থ লাভ কৰিব পাৰে৷ বন্ধুৰ পৰা উৎসাহ পাব৷ দাম্পত্যত বুজাবুজিৰ অভাৱ৷ বিদ্যাত শুভ৷ কর্মত পদোন্নতিৰ যোগ৷ শুভ ৰং– ক’লা শুভ সংখ্যা – ৪।
মীন : আজি ঘৰুৱা কাম–কাজৰ লগতে নতুন চিন্তাত সুফল পাব৷ শৰীৰৰ প্রতি যত্ন লওক৷ ব্যৱসায়ত শুভ৷ বিদ্যার্থীসকলে সুযোগ-সুবিধা লাভ কৰিব৷ শুভ ৰং–ধূসৰ, শুভ সংখ্যা–৬।